প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰবীণ অভিনেত্ৰী সুলোচনাৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 JUN 2023 10:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেত্ৰী সুলোচনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে সুঅভিনেত্ৰীগৰাকীৰ চিনেমাৰ উত্তৰাধিকাৰ তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে জীয়াই থাকিব।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
‘সুলোচনা জীৰ বিয়োগে ভাৰতীয় চিনেমাৰ জগতখনত এক ডাঙৰ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ অবিস্মৰণীয় অভিনয়ে আমাৰ সংস্কৃতিক সমৃদ্ধ কৰিছিল আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহৰ মাজত তেওঁক প্ৰিয় কৰি তুলিছে। তেওঁৰ চিনেমাৰ উত্তৰাধিকাৰ তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে জীয়াই থাকিব। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”
***
(ৰিলিজ আই ডি : 1929934)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam