প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে ছিডনীত বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে
পোষ্ট কৰা হৈছে:
24 MAY 2023 3:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে। সন্মিলনত ইস্পাত, বেংকিং, ইন্ধন, খনন আৰু তথ্য প্ৰযুক্তি সহ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা অগ্ৰণী কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাগ লয়। অষ্ট্ৰেলিয়াৰ কেইখনমান প্ৰধান বিশ্ববিদ্যালয়ৰ কুলপতিসকলেও বৈঠকত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে বেপাৰ কৰাত সহজতা আৰু অৰ্থনৈতিক বিকাশত উদগনি যোগাবলৈ চৰকাৰে আৰম্ভ কৰা কেইবাটাও অৰ্থনৈতিক সংস্কাৰ আৰু নতুন সুযোগৰ বিষয়ে অৱগত কৰে। ইয়াত বুনিয়াদী আন্তঃগাথঁনিৰ কানেক্টিভিটি পৰিকল্পনাৰ প্ৰতি একীকৃত দৃষ্টিভংগীৰ প্ৰতি মিছন গতিশক্তি, জন ধন-আধাৰ-মোবাইল ট্ৰিনিটি, ৰাষ্ট্ৰীয় শিক্ষা নীতি, হাইড্ৰোজেন মিছন ২০৫০, ডাক জীৱন বীমা (পিএলআই) যোজনা, অন্তৰিক্ষ আৰু ভূ-স্থানিক ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ, চিকিৎসা উপকৰণ নিৰ্মাণৰ নতুন নীতি আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা যোজনা আদি অন্তৰ্ভুক্ত আছে।
প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক আমন্ত্ৰণ কৰি কয় যে তেওঁলোকে ভাৰতত ডিজিটেল বুনিয়াদী আন্তঃগাথঁনি, তথ্য প্ৰযুক্তি, ফিনটেক, দূৰসঞ্চাৰ, ছেমিকণ্ডাক্টৰ, অন্তৰিক্ষ, সেউজ হাইড্ৰোজেন সহ নবীকৰণ যোগ্য ইন্ধন, শিক্ষা, ফাৰ্মা, চিকিৎসা উপকৰণৰ নিৰ্মাণ সহ স্বাস্থ্য সেৱা, গুৰুত্বপূৰ্ণ খনিজসহ খনন, বস্ত্ৰ, কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ বুনিয়াদী আন্তঃগাথঁনিত বিনিয়োগৰ সুযোগ গ্ৰহণ কৰক।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক ভাৰতৰ প্ৰধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে লাভজনক ভাগবতৰা কৰিবলৈ উৎসাহিত কৰে।
ৰাউণ্ডটেবোল সন্মিলনত ভাগ লোৱা মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকা:
|
ক্ৰঃসঃ
|
কোম্পানী
|
কাৰ্যকৰ্তা
|
|
১
|
কমনৱেলথ বেংক অফ অষ্ট্ৰেলিয়া
|
শ্ৰী মেট কমিন, অধ্যক্ষ আৰু চিইঅ'
|
|
২
|
ৰিঅ' টিনট'
|
সুশ্ৰী কেলী পাৰ্কাৰ, চিইঅ'
|
|
৩
|
নেচনেল অষ্ট্ৰেলিয়া বেংক
|
শ্ৰী ফিলিপ ক্ৰনিকেন, অধ্যক্ষ আৰু অ-কাৰ্যবাহী সঞ্চালক
|
|
৪
|
অষ্ট্ৰেলিয়া ইণ্ডাষ্ট্ৰি বেংক
|
শ্ৰী ইঞ্চ ৱিলকছ, চিইঅ'
|
|
৫
|
বিএইচপি
|
সুশ্ৰী জেৰেলডিন শ্লেটেৰি, প্ৰেছিডেণ্ট অষ্ট্ৰেলিয়া
|
|
৬
|
এটলাছিয়ান
|
শ্ৰী স্কট ফাৰকিউহাৰ, সহ চিইঅ' তথা সহ প্ৰতিষ্ঠাপক
|
|
৭
|
ছিডনী বিশ্ববিদ্যালয়
|
অধ্যাপক মাৰ্ক স্কট এঅ', ভাইচ চেঞ্চেলৰ আৰু প্ৰেছিডেণ্ট
|
|
৮
|
অৰিকা
|
শ্ৰী সঞ্জীৱ গান্ধী, পৰিচালন সঞ্চালক তথা চিইঅ'
|
|
৯
|
কোচলিয়েৰ
|
শ্ৰী ডিগ হৱিট, চেয়াৰ
|
|
১০
|
অষ্ট্ৰেলিয়া বাণিজ্য পৰিষদ
|
সুশ্ৰী জেনিফাৰ ৱেষ্টাকট, চিইঅ'
|
|
১১
|
ৱিষ্টেক
|
শ্ৰী ৰিচাৰ্ড হোৱাইট, চিইঅ' আৰু প্ৰতিষ্ঠাপক
|
|
১২
|
এয়াৰট্ৰাংক
|
শ্ৰী ৰবিন খুডা, প্ৰতিষ্ঠাপক তথা চিইঅ'
|
|
১৩
|
এনটুৰা
|
সুশ্ৰী টেমি চু, পৰিচালন সঞ্চালক
|
|
১৪
|
কুইণ্টিছ ছেণ্ডেলউড
|
শ্ৰী ৰিচাৰ্ড হএনফ্ৰএ, চিইঅ'
|
|
১৫
|
ইউএনএছডব্লিউ
|
অধ্যাপক এটিলা ব্ৰুংজ, ভাইচ চেঞ্চেলৰ আৰু চিইঅ'
|
|
১৬
|
ৰিছাৰ্চ ইণ্ডাষ্ট্ৰিজ
|
শ্ৰী ৰবাৰ্ট ফিটজপেট্ৰিক, চিইঅ'
|
|
১৭
|
ইউনিভাৰ্ছিটিজ অষ্ট্ৰেলিয়া
|
সুশ্ৰী কেট্ৰিঅনা জেকছন, মুখ্য কাৰ্যবাহী
|
|
১৮
|
ভাৰত-অষ্ট্ৰেলিয়া সম্পৰ্ক কেন্দ্ৰ
|
সুশ্ৰী স্বাতী দেৱ, চেয়াৰ, উপদেষ্টা সমিতি
|
|
১৯
|
নৱিতাছ গ্ৰুপ
|
শ্ৰী স্কট জ'ন্স, চিইঅ'
|
**********
(ৰিলিজ আই ডি : 1927025)
অতিথি কক্ষ : 158
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam