প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসামৰিক সেৱাৰ পৰীক্ষাত আজি উত্তীৰ্ণ হোৱাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 MAY 2023 7:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাসকলক অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই বছৰ অনূত্তীৰ্ণ হোৱাসকলকো উপদেশ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়; 

“অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱক-যুৱতীসকলক অভিনন্দন জনাইছো৷ ভৱিষ্যতে এক ফলপ্ৰসূ আৰু সন্তুষ্টিদায়ক কেৰিয়াৰৰ বাবে মই শুভেচ্ছা জনাইছো। দেশৰ সেৱা কৰি জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ এয়া অতি ৰোমাঞ্চকৰ সময়৷”

"অসামৰিক সেৱাৰ পৰীক্ষাত অনুত্তীৰ্ণসকলৰ হতাশাক মই বুজি পাইছো৷ কেৱল অধিক প্ৰচেষ্টা বাকী থকাই নহয়, ভাৰতে আপোনালোকৰ দক্ষতা আৰু শক্তি প্ৰদৰ্শনৰ কেইবাটাও বৈচিত্ৰ্যপূৰ্ণ সুযোগ আগবঢ়াইছে। সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো৷"

 

 

 

*****



(Release ID: 1926856) Visitor Counter : 122