গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ দ্বাৰকাত ৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’ (এনএচিপি)ৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে

শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উপকূলীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে আজি ৪৫০ একৰতকৈও অধিক ভূমিত ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’ৰ কাম আৰম্ভ কৰা হৈছে

শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ সীমাৰ নিৰাপত্তা শক্তিশালী কৰা হৈছে আৰু নাগৰিকসকলে সুৰক্ষিত অনুভৱ কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ সীমান্ত ৰক্ষীসকলৰ জীৱন ধাৰণ আৰু কৰ্মসুবিধা উন্নত কৰা, তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰা আৰু দেশৰ নিৰাপত্তাৰ বাবে অত্যাধুনিক সঁজুলি প্ৰদান কৰাৰ বাবে চেষ্টাত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই

পূৰ্বৰ চৰকাৰৰ সময়ত উপকূলীয় সুৰক্ষাৰ বাবে কোনো প্ৰশিক্ষণ নীতি নাছিল, ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’লৈ অনুমোদন জনাইছিল আৰু শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু দৃঢ়তাৰ বাবেই আজি দেশৰ উপকূলীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কামৰ শুভাৰম্ভ হৈছে

Posted On: 20 MAY 2023 6:39PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ দ্বাৰকাত ৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’ (এনএচিপি)ৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ সচিব আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

এই উপলক্ষে প্ৰদান কৰা ভাষণত শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উপকূলীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে আজি ৪৫০ একৰতকৈও অধিক ভূমিত ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’ৰ কাম আৰম্ভ কৰা হৈছে। তেওঁ কয়, শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ সীমাৰ নিৰাপত্তা শক্তিশালী কৰা হৈছে আৰু নাগৰিকসকলে সুৰক্ষিত অনুভৱ কৰিছে। শ্ৰী শ্বাহে কয় যে সীমান্তৰ সুৰক্ষাব্যৱস্থা  শক্তিশালী কৰাৰ বাবে আমাৰ সীমান্তৰক্ষীসকলৰ জীৱন আৰু কৰ্মক্ষেত্ৰৰ সা-সুবিধাসমূহ উন্নত হোৱাটো প্ৰয়োজনীয়, উপকূলৰক্ষীসকলে অত্যাধুনিক সা-সঁজুলি লাভ কৰি লাগিব, তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লব পৰাকৈ অত্যাধুনিক সা-সুবিধা লাভ কৰিব লাগিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ সীমান্ত ৰক্ষীসকলৰ জীৱন ধাৰণ আৰু কৰ্মসুবিধা উন্নত কৰা, তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰা আৰু দেশৰ নিৰাপত্তাৰ বাবে অত্যাধুনিক সঁজুলি প্ৰদান কৰাৰ বাবে চেষ্টাত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই বুলি অভিমত প্ৰকাশ কৰে শ্ৰী শ্বাহে।

পূৰ্বৰ চৰকাৰৰ সময়ত উপকূলীয় সুৰক্ষাৰ বাবে কোনো প্ৰশিক্ষণ নীতি নাছিল, ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’লৈ অনুমোদন জনাইছিল আৰু শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু দৃঢ়তাৰ বাবেই আজি দেশৰ উপকূলীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কামৰ শুভাৰম্ভ হৈছে বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতীয় নৌসেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী, নৌ আৰক্ষী, শুল্ক বিভাগ আৰু মাছমৰীয়াসকলক অন্তৰ্ভুক্ত কৰি নিৰাপত্তাৰ এটা সুদৰ্শন চক্ৰ গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এক সংহত ধাৰণাৰে প্ৰস্তুত কৰা এই ৰণনীতিৰ জৰিয়তে দেশৰ উপকূল সুৰক্ষিত হৈছে।

গৃহ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে শেহতীয়াকৈ, ভাৰতীয় নৌসেনা আৰু ‘এনচিবি’য়ে ভাৰতৰ চোৰাংচোৱা সংস্থাৰ সহায়ত কেৰালাৰ উপকূলৰ পৰা ১২০০০ কোটি টকাৰ ড্ৰাগছ ধৰা পেলাইছে। পূৰ্বৱৰ্তী চৰকাৰৰ ১০ বছৰীয়া শাসনকালত, মুঠ ৬৮০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল, কিন্তু ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এটা খেপত ১২,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে, ইয়েই আমাৰ সংস্থাসূহে কিমান তৎপৰতাৰে কাম কৰি আছে সেই কথা প্ৰতিপন্ন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আজি ‘লাল-বাল-পাল’ৰ অন্যতম শ্ৰেষ্ঠ স্বাধীনতা সংগ্ৰামী শ্ৰী বিপিন চন্দ্ৰ পালৰ মৃত্যু বাৰ্ষিকী। আজি শ্বহীদ পিৰু সিঙৰ জন্ম জয়ন্তী, যাক ‘পৰমবীৰ চক্ৰ’ৰে পুৰস্কৃত কৰা হৈছিল। শ্ৰী পিৰু সিঙে অপৰিসীম সাহসিকতা প্ৰদৰ্শন কৰিছিল আৰু নিজৰ জীৱনকো তুচ্ছ কৰি দেশক সুৰক্ষিত কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইগৰাকী শ্বহীদৰ স্মৃতিত আন্দামান আৰু নিকোবৰৰ এটা দ্বীপক ‘শ্বহীদ পিৰু সিং দ্বীপ’ বুলিও নামাকৰণ কৰিছে।

প্ৰসংগক্ৰমে তেওঁ কয়, “যি খন দেশৰ সীমা সুৰক্ষিত নহয়, সেইখন দেশত উন্নয়নৰ কোনো অৰ্থ নাই, দেশখন কেৱল সীমান্তৰ নিখুঁত নিৰাপত্তাৰ দ্বাৰাহে সুৰক্ষিত থাকিব পাৰে”। শ্ৰী শ্বাহে কয় যে ভাৰতৰ ১৫,০০০ কিলোমিটাৰ দীঘল স্থল সীমান্ত আৰু ৭,৫১৬ কিলোমিটাৰ দীঘল সাগৰীয় সীমান্ত আছে। ৭,৫১৬ কিলোমিটাৰ দীঘল সামুদ্ৰিক সীমাৰ ভিতৰত ৫,৪২২ কিলোমিটাৰ মূল ভূখণ্ডৰ সীমা আৰু ২,০০০ কিলোমিটাৰৰো অধিক দ্বীপসমূহৰ সীমা। ইয়াত ১,৩৮২টা দ্বীপ, ৩,৩৩৭খন উপকূলীয় গাঁও, ১১টা মুখ্য বন্দৰ, ২৪১টা সাধাৰণ বন্দৰ, আৰু মহাকাশ, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি, পেট্ৰ'লিয়াম, জাহাজ পৰিবহণৰে জড়িত ১৩৫টা প্ৰতিষ্ঠান আছে। তেওঁ কয় যে আগতে এই সকলো নিৰাপত্তাকৰ্মীৰ বাবে কোনো বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা নাছিল, কিন্তু ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰতিটো উপকূলীয় আৰক্ষী থানা, সীমান্ত সুৰক্ষা আৰু উপকূলৰক্ষী বাহিনীত জোৱানসকলৰ পৰা সুসংগত সঁহাৰিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে এইটো তেতিয়াহে সম্ভৱ যেতিয়া উপকূলীয় সুৰক্ষাৰ বাবে প্ৰশিক্ষণ পৰিকল্পিত ভাৱে ব্যৱস্থা কৰা হয়। তেওঁ কয় যে ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’লৈ অনুমোদন জনাইছিল আৰু ইয়াক ভগৱান শ্ৰী কৃষ্ণৰ চহৰত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ‘দ্বাৰকা’ৰ অৰ্থ হৈছে দেশৰ প্ৰৱেশদ্বাৰ আৰু সেই সময়ত ভগৱান শ্ৰী কৃষ্ণ মথুৰাৰ পৰা এই ঠাইলৈ আহিছিল আৰু আমাৰ সাগৰীয় সীমাৰ ওপৰেৰে এটা ডাঙৰ বাণিজ্য কেন্দ্ৰ নিৰ্মাণ কৰিছিল। আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কল্পনাৰে ভগৱান শ্ৰী কৃষ্ণৰ ভূমি ওখাত সমগ্ৰ দেশৰ উপকূলীয় নিৰাপত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ দেশত উপকূলীয় আৰক্ষীৰ মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১২,০০০ আৰু এই একাডেমীখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত, এবছৰত ৩,০০০ লোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। এনেদৰে, ৪ বছৰৰ ভিতৰত, ভাৰতৰ উপকূলীয় সুৰক্ষাৰ সৈতে জড়িত সকলো কৰ্মচাৰীৰ ১০০% প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু দৃঢ়তাৰ বাবেই আজি উপকূলীয় নিৰাপত্তা নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ কামৰ শুভাৰম্ভ হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই উপকূলীয় সুৰক্ষা নীতি কেইবাটাও স্তম্ভৰ ওপৰত আধাৰিত। ইয়াত অন্তৰ্ভুক্ত আছে ‘উপকূলীয় সুৰক্ষা আৰু চোৰাংচোৱা’, ‘নিৰ্ধাৰিত সময়ৰ ব্যৱধানত টহল দিয়াৰ বাবে প্ৰটোকল নিৰ্ধাৰণ কৰি যুটীয়া উপকূলীয় টহলৰ ব্যৱস্থ কৰা, মাছমৰীয়াসকলৰ নিৰাপত্তা, মাছমৰীয়াসকলক ‘কিউআৰ কোড’ৰ সৈতে ১০ লাখতকৈ অধিক আধাৰ কাৰ্ড প্ৰদান কৰা, ১৫৩৭টা আগশাৰীৰ মাছ ধৰা স্থানত নিৰাপত্তাৰ ব্যৱস্থা কৰা আৰু ‘নীলা-অৰ্থনীতি’ৰ বাবে নিৰ্মিত সকলো মাছ ধৰা বন্দৰত নিৰাপত্তা নিশ্চিত কৰা। তেওঁ কয় যে এই সকলোবোৰ বস্তু যোগ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উপকূলীয় নিৰাপত্তাৰ বাবে এক অভেদ্য দূৰ্গ স্থাপন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত এখন জাননী জাৰি কৰাৰ পিছতে পোৰবন্দৰ কাৰাগাৰ  বন্ধ কৰিব লগা হৈছিল আৰু পোৰবন্দৰ সকলো ধৰণৰ চুৰিৰ কেন্দ্ৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ অহাৰ পিছৰে পৰা পুনৰ কাৰাগাৰ আৰম্ভ হয় আৰু চোৰবোৰে ইয়াৰ পৰা পলায়ন কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট সুৰক্ষিত কৰে, সেয়া লাগিলে কচ্ছ, ছাৰ ক্ৰীক, হাৰামিনালা বা পোৰবন্দৰৰ সাগৰীয় উপকূলেই হওক বা দ্বাৰকা-ওখা-জামনগৰ-চালায়াৰ সাগৰীয় উপকূলেই হওক। শ্ৰী শ্বাহে কয় যে আজি সকলো ৰাজ্য চৰকাৰক একত্ৰিত কৰি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সাগৰীয় উপকূল সুৰক্ষিত কৰাৰ বাবে ইয়াত এই প্ৰশিক্ষণ একাডেমী স্থাপন কৰিছে।

*****



(Release ID: 1926085) Visitor Counter : 93