প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 21 MAY 2023 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সমান্তৰালভাৱে হিৰোছিমাত ২১ মে’, ২০২৩ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক৷ নেতা দুগৰাকীয়ে উল্লেখ কৰে যে এই বছৰটো দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি৷ তেওঁলোকে কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে সেইবোৰ, বিশেষকৈ প্ৰতিৰক্ষা উৎপাদন, বাণিজ্য, ঔষধ-পাতি, কৃষি, দুগ্ধপাম আৰু পশু-পালন আৰু জৈৱ ইন্ধন তথা স্বচ্ছ শক্তি খণ্ডৰ অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰি তোলাৰ উপায়সমূহো আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ ব্যৱসায়িক মুৰব্বীসকলৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক আয়োজন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷

নেতা দুগৰাকীয়ে আঞ্চলিক উন্নয়নৰ দিশত মত বিনিময় কৰে৷ তেওঁলোকে বহুপাক্ষিক মঞ্চৰ সহযোগিতা অব্যাহত ৰখা আৰু বহুপাক্ষিক প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া সংস্কাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ৰাষ্ট্ৰপতি লুলাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰে৷

*****



(Release ID: 1926078) Visitor Counter : 98