প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 20 MAY 2023 8:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২০ মে'ত হিৰোছিমাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ফুমিও কিছিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

এই বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী কিছিদাৰ ভাৰত ভ্ৰমণৰ পিছত ২০২৩ চনত এইটো তেওঁলোকৰ দ্বিতীয় বৈঠক আছিল।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া বোধি গছপুলি হিৰোছিমাত ৰোপণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী কিছিদাক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংসদই প্ৰতি বছৰে হিৰোছিমা দিৱস উদযাপন কৰে আৰু এই উপলক্ষে জাপানী কূটনীতিবিদসকল সদায় উপস্থিত থাকে বুলি উল্লেখ কৰে।

নেতাসকলে তেওঁলোকৰ নিজ নিজ জি-২০ আৰু জি-৭ অধ্যক্ষতাৰ প্ৰচেষ্টাক সমন্বয় কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে গোলকীয় দক্ষিণৰ উদ্বেগ আৰু অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই সমসাময়িক আঞ্চলিক উন্নয়নৰ ওপৰত মত বিনিময় কৰে। তেওঁলোকে লগতে ইণ্ডো-পেচিফিকত সহযোগিতা গভীৰ কৰাৰ বিষয়েও আলোচনা কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ ওপৰত সন্মত হয়। শিক্ষা, দক্ষতা বিকাশ, পৰ্যটন, পৰিৱেশৰ বাবে জীৱনশৈলী (লাইফ), সেউজীয়া হাইড্ৰজেন, উচ্চ প্ৰযুক্তি, অৰ্ধপৰিবাহী আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত আলোচনা কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিষয়েও আলোচনা কৰা হয়।

 

*****


(रिलीज़ आईडी: 1925923) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam