প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এইচপিচিএল-মুম্বাই’ আৰু ‘বিশাখাপত্তনম শোধনাগাৰ’ৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
Posted On:
16 MAY 2023 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এইচপিচিএল-মুম্বাই’ আৰু ‘বিশাখাপত্তনম শোধনাগাৰ’ৰ ব্যতিক্ৰমী প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় ‘পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰ’ৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এলানি ‘টুইট’ত জানিবলৈ দিয়ে যে ‘এইচপিচিএল’-য়ে আমাৰ নাগৰিকসকলৰ বাবে সুলভ শক্তিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ অসাধাৰণ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিছে।
‘এইচপিচিএল-মুম্বাই’ আৰু ‘বিশাখাপত্তনম শোধনাগাৰ’ দুটাই ২০২৩ চনৰ ‘জানুৱাৰী-মাৰ্চ’-ৰ এই সময়ছোৱাত কোনো এটা ত্ৰৈমাসিকত সৰ্বাধিক ১১৩% হাৰে ৪.৯৬ এমএমটি খাৰুৱাতেলৰ সংসাধন সম্ভৱ কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা ‘টুইট’ লানিৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"শক্তিখণ্ডৰ বাবে এয়া নিশ্চয় ভাল খবৰ।"
*****
(Release ID: 1924912)
Visitor Counter : 141
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam