প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন সুৰক্ষা আঁচনিয়ে জনসাধাৰণক এক ফলপ্ৰসূ সামাজিক সুৰক্ষা কৱচ প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 09 MAY 2023 5:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী জন সুৰক্ষা আঁচনিৰ ৮ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সকলো হিতাধিকাৰীকে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিত্ত মন্ত্ৰালয়ৰ এক টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"৮ বছৰ পূৰ্বে আৰম্ভ কৰা#JanSuraksha আঁচনিসমূহ কোটি কোটি ভাৰতীয়ৰ বাবে শক্তিশালী সমৰ্থনৰ উৎস হৈ আহিছে। এই আঁচনিসমূহে জনসাধাৰণক এক ফলপ্ৰসূ সামাজিক সুৰক্ষা কৱচ প্ৰদান কৰিছে। সকলো হিতাধিকাৰীলৈ মোৰ শুভকামনা জনাইছোঁ।"

******



(Release ID: 1923154) Visitor Counter : 83