প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
খাদীয়ে নিতৌ নতুন অভিলেখ সৃষ্টি কৰি আছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
09 MAY 2023 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে খাদীৰ সৈতে দেশৰ মানুহৰ সংযুক্তিয়ে নিয়োগক উৎসাহিত কৰাৰ সমান্তৰালকৈ নিতৌ নতুন অভিলেখ সৃষ্টি কৰি আছে।
কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণেই এটা টুইটত জনায় যে খাদী গ্ৰামীণ উদ্যোগে কাৰিকৰসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকৰ আয় বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
তেওঁ লগতে কয় যে ০১ এপ্ৰিল ২০২২ৰ পৰা ৩১ জানুৱাৰী ২০২৩লৈ, কেভিআইচিয়ে মুঠ ৭৭৮৮৭.৯৭ কোটি উৎপাদন কৰে, ১০৮৫৭১.৮৪ কোটি বিক্ৰী কৰে আৰু ১.৭২ কোটি নিয়োগ সৃষ্টি কৰে।
এমএছএমই মন্ত্ৰীৰ টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এই প্ৰাপ্তিয়ে উৎসাহিত কৰিছে! খাদীৰ সৈতে দেশবাসীৰ এই সংযোগে সংস্থাপনক উদগণি দিয়াৰ লগতে নিতৌ নতুন ৰেকৰ্ড সৃষ্টি কৰি আছে।"
**********
(रिलीज़ आईडी: 1923056)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam