উপ-ৰাষ্ট্ৰপতি সচিবালয়
সমাজৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে শিক্ষা হৈছে আটাইতকৈ ফলপ্ৰসূ আহিলাঃ উপ-ৰাষ্ট্ৰপতি
উপ-ৰাষ্ট্ৰপতিয়ে কয় যে উত্তৰ-পূবে সুযোগৰ ভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে
‘অষ্ট লক্ষ্মী’ৰ বিকাশ আৰু অৱদান অবিহনে ভাৰতৰ বিকাশ অসম্পূৰ্ণ হৈ থাকিবঃ উপ-ৰাষ্ট্ৰপতি
উত্তৰ-পূৰ্বাঞ্চলৰ অখ্যাত বীৰসকলে ইতিহাসৰ গ্ৰন্থ আৰু মূলসুঁতিৰ আখ্যানত উচিত স্থান লাভ কৰিছেঃ উপ-ৰাষ্ট্ৰপতি
ভাৰত বিশ্বৰ আটাইতকৈ সজীৱ গণতন্ত্ৰ; আমাৰ মাজৰ একাংশ লোকে দেশৰ গণতন্ত্ৰক কিয় সমালোচনা কৰেঃ শ্ৰী ধনখৰে প্ৰশ্ন কৰে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১সংখ্যক সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ ভাষণ
Posted On:
03 MAY 2023 2:04PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি কয় যে শিক্ষা হৈছে সমাজত ন্যায়, সমতা আৰু প্ৰগতি অনাৰ বাবে আটাইতকৈ ফলপ্ৰসূ আৰু পৰিৱৰ্তনশীল ব্যৱস্থা। তেওঁ কয়, “মানুহ শিক্ষিত হোৱাটোৱে সমাজৰ পৰিস্থিতি সলনি কৰাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। ”
অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আজি ভাষণ আগবঢ়াই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক “পৰিৱৰ্তনৰ এজেণ্ট” হ’বলৈ আৰু সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। ‘আপোনালোকে ২০৪৭ চনত ভাৰতৰ নিৰ্মাতা আৰু যোদ্ধা, যিসময়ত দেশে স্বাধীনতাৰ শতবাৰ্ষিকী পালন কৰিব।”
প্ৰতিযোগিতাক শ্ৰেষ্ঠ গুৰু আৰু ভয়ক আটাইতকৈ বেয়া শত্ৰু বুলি অভিহিত কৰি শ্ৰী ধনখৰে ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু কেতিয়াও মানসিক চাপ নল’বলৈ কয়। “সপোন দেখক, কিন্তু কেৱল সপোন দেখা মানুহ নহ’ব, কৰ্তা হওক,” তেওঁ শিক্ষাৰ্থীসকলক কয়৷
উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক ভাৰতৰ “অষ্ট লক্ষ্মী” বুলি প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ৰাজ্যসমূহৰ বিকাশ আৰু অৱদান অবিহনে ভাৰতৰ বিকাশ অসম্পূৰ্ণ হৈ থাকিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অঞ্চলটোৰ ভাষিক বৈচিত্ৰ্য আৰু সাহিত্য পৰম্পৰা ৰক্ষাৰ দিশত কৰা কামৰ বাবেও তেওঁ প্ৰশংসা কৰে। আমাৰ ভাষা সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে।
অমৃত কালত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূলসুঁতিৰ আখ্যানত অন্তৰ্ভুক্ত হোৱাত আনন্দ প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এনচিইআৰটি আৰু ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ (আইচিএইচআৰ)ক উত্তৰ-পূৰ্বাঞ্চলৰ অখ্যাত বীৰসকলৰ অৱদান, আমাৰ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামত জিলিকাই তোলাৰ বাবে প্ৰশংসা কৰে।
অঞ্চলটোৰ ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰে দিয়া গুৰুত্বৰ প্ৰশংসা কৰি শ্ৰী ধনখৰে কয় যে উত্তৰ-পূবে সুযোগৰ ভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে। বিভিন্ন প্ৰকল্প যেনে-বগীবিল ৰে’ল-পথ দলং, ৩৭৫টা পথ প্ৰকল্প, বিমানবন্দৰৰ নেটৱৰ্ক ৯ৰ পৰা ১৭লৈ বৃদ্ধি আৰু উত্তৰ-পূৰ্বাঞ্চলত ১৯০খন নতুন শিক্ষানুষ্ঠান স্থাপনৰ কথা উল্লেখ কৰি তেওঁ আলোকপাত কৰে যে যুৱক-যুৱতীসকলৰ শক্তি প্ৰদৰ্শন কৰিবলৈ এতিয়া নতুন পথ আৰু সুযোগ উপলব্ধ হৈছে।
ভাৰতৰ বিকাশৰ কাহিনীক ‘অবিৰত’ বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বাস প্ৰকাশ কৰে যে এই দশকৰ শেষ ভাগত আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ম। ৯৯.৯% ভাৰতীয়ক ডিজিটেল আইডি (আধাৰ), জাম ত্ৰিনিটী, মুদ্ৰা আৰু পিএম কিষাণ সন্মান নিধি প্ৰদানকে ধৰি কেইবাটাও ঐতিহাসিক কৃতিত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে আনকি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়েও ভাৰতৰ বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক প্ৰশংসা কৰিছে আৰু চলিত ডিজিটেল ৰূপান্তৰক আন দেশৰ বাবে আৰ্হি বুলি অভিহিত কৰিছে৷
ভাৰতক গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ আটাইতকৈ সজীৱ গণতন্ত্ৰ বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আমাৰ মাজৰ একাংশ লোকে দেশৰ ভিতৰে আৰু বাহিৰে দেশৰ গণতন্ত্ৰক সমালোচনা কৰাক লৈ প্ৰশ্ন উত্থাপন কৰে। ভাৰতত মত প্ৰকাশৰ স্বাধীনতাত কোনো ধৰণৰ বাধা আৰোপ কৰা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।
সংসদক আমাৰ গণতন্ত্ৰৰ মন্দিৰ বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সজোৰে কয় যে ই এনে এক মঞ্চ য’ত জনস্বাৰ্থৰ বিষয়সমূহৰ ওপৰত বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত লোৱা হয়, কিন্তু দীৰ্ঘদিনীয়া বাধা-বিঘিনিয়ে জনতাই তেওঁলোকৰ প্ৰতিনিধিত্বমূলক প্ৰতিষ্ঠানৰ প্ৰতি যি সন্মান আৰু আত্মবিশ্বাস ৰাখে, তাক ক্ষতিগ্ৰস্ত কৰে। সেয়েহে তেওঁ এনে এক পৰিৱেশ গঢ় দিয়াৰ আহ্বান জনায় যাতে আমাৰ সাংসদসকলে আমাৰ সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃসকলৰ মনোভাৱ আৰু সাৰমৰ্মক ইতিবাচক সঁহাৰি জনায়।
উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই শ্ৰী ধনখৰে তেওঁলোকৰ শিক্ষাগুৰু আৰু তেওঁলোকৰ শিক্ষানুষ্ঠানক পাহৰি নাযাবলৈ কয়। “এই শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ হিচাপে আপোনালোকে যিমান পাৰে নিজৰ বিশ্ববিদ্যালয়ৰ কল্যাণৰ বাবে অৰিহণা যোগোৱা উচিত৷”
এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইগৰাকীমান গৱেষকক ডক্টৰ অফ ছায়েন্স আৰু ডি লিট ডিগ্ৰী (হনৰিছ কৌচা) প্ৰদান কৰে। তেওঁ বিশ্ববিদ্যালয় চৌহদত এটা গছৰ পুলিও ৰোপণ কৰে।
এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গুলাব চন্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, ব’ৰ্ডৰ সদস্য, সঞ্চালক, অধ্যাপক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।
*****
(Release ID: 1921719)