প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উড়ান আঁচনিৰ ছয় বছৰীয়া সাফল্যক প্ৰশংসা কৰে
प्रविष्टि तिथि:
28 APR 2023 10:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মন্ত্ৰালয়ে জনাইছে যে ৬ বছৰ পূৰ্বে আঞ্চলিক সংযোগ আঁচনি (আৰচিএছ) উড়ানে চিমলাক দিল্লীলৈ সংযোগ কৰি সেৱা আৰম্ভ কৰিছিল। আজি, ৪৭৩ টা পথ আৰু ৭৪ টা কাৰ্যক্ষম বিমানবন্দৰ, হেলিপোৰ্ট, আৰু পানীৰ এৰোড্ৰামৰ সৈতে ভাৰতীয় বিমান পৰিবহণ খণ্ডৰ বাবে যুগান্তকাৰী পদক্ষেপ হৈ পৰিছে।
টুইটটোৰ উত্তৰ দি শ্ৰী মোদীয়ে কয় যে যোৱা ৯ বছৰ ভাৰতৰ বিমান খণ্ডৰ বাবে পৰিৱৰ্তনশীল হৈ আহিছে। শ্ৰী মোদীয়ে লগতে কয় যে বিদ্যমান বিমানবন্দৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে, নতুন বিমানবন্দৰ দ্ৰুত গতিত নিৰ্মাণ কৰা হৈছে আৰু অভিলেখ সংখ্যক লোকে বিমান যাত্ৰা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"যোৱা ৯ বছৰ ভাৰতৰ বিমান খণ্ডৰ বাবে পৰিৱৰ্তনশীল হৈ আহিছে। বিদ্যমান বিমানবন্দৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে, নতুন বিমানবন্দৰ দ্ৰুত গতিত নিৰ্মাণ কৰা হৈছে আৰু অভিলেখ সংখ্যক লোকে বিমান যাত্ৰা কৰিছে। এই বৰ্ধিত সংযোগে বাণিজ্য আৰু পৰ্যটনক এক বৃহৎ গতি প্ৰদান কৰিছে। #UDANat6"
*****
(रिलीज़ आईडी: 1920840)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam