প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশত ৰেডিঅ’ সংযোগ বৃদ্ধিৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ২৮ এপ্ৰিলত ৯১টা এফএম ট্ৰেন্সমিটাৰ উদ্বোধন কৰিব
এই ট্ৰেন্সমিটাৰসমূহে ১৮খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলক সাঙুৰি ল’ব
আকাংক্ষিত জিলা আৰু সীমান্ত অঞ্চলত সংযোগ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব
এতিয়া অতিৰিক্ত ২ কোটি লোকক সামৰি লোৱা হ’ব, প্ৰায় ৩৫,০০০ বৰ্গ কিলোমিটাৰ এলেকাৰ কভাৰেজ বৃদ্ধি হ’ব
মন কি বাতৰ ঐতিহাসিক ১০০সংখ্যক খণ্ডৰ দুদিন পূৰ্বে ট্ৰেন্সমিটাৰসমূহ উদ্বোধন কৰা হ’ব
प्रविष्टि तिथि:
27 APR 2023 12:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১০০ ৱাটৰ ৯১টা এফ এম ট্ৰেন্সমিটাৰ উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানে দেশৰ ৰেডিঅ’ সংযোগৰ ক্ষেত্ৰখনক আৰু অধিক উদগণি ঘটিব।
দেশত এফএম সংযোগ বৃদ্ধি কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ১৮ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৪ খন জিলাত ৯১ টা নতুন ১০০ ৱাটৰ এফএম ট্ৰেন্সমিটাৰ স্থাপন কৰা হৈছে। এই সম্প্ৰসাৰণত আকাংক্ষিত জিলা আৰু সীমান্ত অঞ্চলসমূহক সাঙুৰি লোৱাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
এই সেৱাই সামৰি ল’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ, অসম, মেঘালয়, নাগালেণ্ড, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, কেৰালা, তেলেংগানা, ছত্তীশগড়, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। অল ইণ্ডিয়া ৰেডিঅ’ৰ এফএম সেৱাৰ এই সম্প্ৰসাৰণে অতিৰিক্ত ২ কোটি লোকক সাঙুৰি ল’ব, যিসকলে পূৰ্বে এফ সেৱা শুনিব পৰা নাছিল। ইয়াৰ ফলত প্ৰায় ৩৫,০০০ বৰ্গ কিলোমিটাৰ এলেকালৈ এফ এম সেৱা সম্প্ৰসাৰিত হ'ব।
জনসাধাৰণৰ কাষ চপাৰ ক্ষেত্ৰত ৰেডিঅ'ই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক লৈ প্ৰধানমন্ত্ৰী দৃঢ় বিশ্বাসী। যথা সম্ভৱ দৰ্শকৰ কাষ চাপিবলৈ মাধ্যমটোৰ অনন্য শক্তিক ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন কি বাত কাৰ্যসূচী আৰম্ভ কৰে, যি এতিয়া ইয়াৰ যুগান্তকাৰী ১০০সংখ্যক খণ্ড সম্পূৰ্ণ কৰিব।
***
(रिलीज़ आईडी: 1920362)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam