প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ এপ্ৰিলত সৌৰাষ্ট্ৰ তামিল সংগমমৰ সামৰণী অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ চেতনাক প্ৰোৎসাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক আগবঢ়াই নিব এই কাৰ্যসূচীয়ে
ই সৌৰাষ্ট্ৰীয় তামিলসকলক তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰাৰ সুযোগ প্ৰদান কৰিছে
प्रविष्टि तिथि:
25 APR 2023 7:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ এপ্ৰিলৰ পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সৌৰাষ্ট্ৰ তামিল সংগমমৰ সামৰণী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।
এই কাৰ্যসূচীৰ আৰম্ভণি প্ৰধানমন্ত্ৰীৰ এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ চেতনাক প্ৰোৎসাহিত কৰাৰ দৃষ্টিভংগীৰ মাজত নিহিত আছে, যিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত বহু পুৰণি সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাত সহায় কৰিব । এই বিষয়টিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পূৰ্বে কাশী তামিল সংগমমৰ আয়োজন কৰা হৈছিল। সৌৰাষ্ট্ৰ তামিল সংগমমে গুজৰাট আৰু তামিলনাডুৰ মাজৰ অভিন্ন সংস্কৃতি আৰু ঐতিহ্য উদযাপনৰ জৰিয়তে এই দৃষ্টিভংগী আগবঢ়াই নিছে।
কেইবা শতিকা পূৰ্বে, বহুলোকে সৌৰাষ্ট্ৰ অঞ্চলৰ পৰা তামিলনাডুলৈ প্ৰব্ৰজন কৰিছিল। সৌৰাষ্ট্ৰ তামিল সংগমমে সৌৰাষ্ট্ৰৰ তামিলসকলক তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰাৰ সুযোগ প্ৰদান কৰিছিল। ১০দিনীয়া সংগমস্থলত ৩০০০তকৈও অধিক সৌৰাষ্ট্ৰীয় তামিল এখন বিশেষ ৰেলত সোমনাথলৈ আহিছিল। কাৰ্যসূচীটো ১৭এপ্ৰিলত আৰম্ভ হোৱা সৌৰাষ্ট্ৰ তামিল সংগমমৰ সামৰণী অনুষ্ঠান ২৬ এপ্ৰিলত সোমনাথত অনুষ্ঠিত হ'ব।
**********
(रिलीज़ आईडी: 1919723)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam