প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাইজে গ্ৰহণ কৰা প্ৰয়াসক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
24 APR 2023 10:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত জনসাধাৰণে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ কয় যে জবলপুৰৰ প্ৰাচীন ‘সংগ্ৰাম সাগৰ’ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে জনসাধাৰণৰ শ্ৰমদান অত্যন্ত প্ৰশংসনীয়। শ্ৰী মোদীয়ে জবলপুৰৰ সাংসদ শ্ৰী ৰাকেশ সিঙৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাইছিল, য'ত সাংসদ শ্ৰী সিঙে জনাইছে যে তেওঁ জনপ্ৰতিনিধি, জবলপুৰৰ উপায়ুক্ত আৰু পৌৰ আয়ুক্তৰ সৈতে সংগ্ৰাম সাগৰৰ চৌপাশে আৰম্ভ হোৱা সৌন্দৰ্যবৰ্দ্ধনৰ কাম-কাজ পৰিদৰ্শন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"জবলপুৰৰ প্ৰাচীন সংগ্ৰাম সাগৰৰ পুনৰুজ্জীৱিতকৰণৰ বাবে মানুহৰ শ্ৰমৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। "
***
(ৰিলিজ আই ডি : 1919458)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam