কেবিনেট

কোৱাণ্টাম প্ৰযুক্তি সম্পৰ্কীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা আৰু বিকাশৰ বাবে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনক অনুমোদন কেবিনেটৰ

ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনে বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান আৰু বিকাশৰ বৃদ্ধিৰ বাবে আৰু কোৱাণ্টাম প্ৰযুক্তিৰ নেতৃত্বত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু ভাৰতক অঞ্চলটোৰ আগশাৰীৰ দেশ হিচাপে লিভাৰেজ কৰাৰ বাবে মুঠ ৬০০৩.৬৫ কোটি টকাৰ কেবিনেট অনুমোদন লাভ কৰিছে

Posted On: 19 APR 2023 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৩-২৪ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষৰ বাবে মুঠ ৬০০৩.৬৫ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনলৈ যাৱতীয় অনুমোদন আগবঢ়ায়। এই অভিযানৰ লক্ষ্য হৈছে কোৱাণ্টাম প্ৰযুক্তিৰ (QT) ক্ষেত্ৰত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা আৰু বিকাশ ত্বৰান্বিত কৰা আৰু ইয়াৰ সৈতে সম্পৰ্কিত এক জীৱন্ত আৰু সৃজনশীল পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰা। এই অভিযানে কোৱাণ্টাম প্ৰযুক্তিৰ ওপৰত আধাৰিত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে দেশত এক অনুকূল পৰিস্থিতিতন্ত্ৰ বিকশিত কৰিব। কেৱল সেয়াই নহয়, ই কোৱাণ্টাম প্ৰযুক্তি আৰু প্ৰয়োগৰ বিকাশৰ ক্ষেত্ৰত ভাৰতক এখন আগশাৰীৰ দেশ হিচাপেও গঢ়ি তুলিব।

এই নতুন অভিযানটোৱে অনাগত আঠ বছৰত ৫০-১০০০ ভৌতিক কুবিট ক্ষমতাৰ সৈতে এক মধ্যৱৰ্তী-স্তৰৰ কোৱাণ্টাম কম্পিউটাৰ বিকশিত কৰাৰ পৰিকল্পনা হাতত লৈছে, ইয়াৰ ভিতৰত থাকিব চুপাৰকণ্ডাক্টিং আৰু ফটোনিক প্ৰযুক্তিৰ দৰে বিভিন্ন প্লেটফৰ্ম। ভাৰতৰ ভিতৰত ২,০০০ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গ্ৰাউণ্ড ষ্টেচনৰ মাজত উপগ্ৰহভিত্তিক সুৰক্ষিত কোৱাণ্টাম যোগাযোগ, আন দেশৰ সৈতে দীৰ্ঘ দূৰত্বৰ কোৱাণ্টাম যোগাযোগ সুৰক্ষিত কৰা, ২০০০ কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধৰ ভিতৰত মহানগৰৰ ভিতৰত 'কোৱাণ্টাম কী' বিতৰণ আৰু লগতে কোৱাণ্টাম মেম’ৰিৰে সজ্জিত মাল্টি-নোড কোৱাণ্টাম নেটৱৰ্ক হ’ব অভিযানটোৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশ।

উল্লেখ্য যে এই অভিযানে সঠিক সময়, যোগাযোগ আৰু নেভিগেশ্বনৰ বাবে পাৰমাণৱিক প্ৰণালী আৰু পাৰমাণৱিক ঘড়ীত উচ্চ সংবেদনশীলতাৰে সজ্জিত মেগনেটোমিটাৰ নিৰ্মাণ কৰি উলিওৱাত সহায় কৰিব। ই কোৱাণ্টাম সঁজুলি নিৰ্মাণৰ বাবে কোৱাণ্টাম সামগ্ৰী যেনে চুপাৰকণ্ডাক্টৰ, নভেল অৰ্ধপৰিবাহী গাঁথনি (Novel Semiconductor Structures) আৰু ট'প'লজিকেল সামগ্ৰী আদিৰ ডিজাইন আৰু সংশ্লেষণত সহায় কৰিব। ইয়াৰ অধীনত, কোৱাণ্টাম যোগাযোগ, সংবেদন (Sensing ) আৰু বতৰ বিজ্ঞানৰ প্ৰয়োগৰ বাবে একক ফ'টন উৎস/ডিটেক্টৰ আৰু আৱদ্ধ ফ'টন (Entangled Photon) উৎসও বিকশিত কৰা হ'ব।

কোৱাণ্টাম কম্পিউটিং, কোৱাণ্টাম কমিউনিকেচন, কোৱাণ্টাম চেঞ্চিং আৰু মেট্ৰ'লজী আৰু কোৱাণ্টাম সামগ্ৰী আৰু ডিভাইচৰ ক্ষেত্ৰত চাৰিটা বিষয়ভিত্তিক কেন্দ্ৰ (টি-হাব) শীৰ্ষ শৈক্ষিক আৰু ৰাষ্ট্ৰীয় আৰ এণ্ড ডি প্ৰতিষ্ঠানত স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহে মৌলিক আৰু প্ৰয়োগযোগ্য গৱেষণাৰ জৰিয়তে নতুন জ্ঞান সৃষ্টিৰ ওপৰত গুৰুত্ব দিব আৰু লগতে যিবোৰ ক্ষেত্ৰত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হ'ব সেইবোৰত গৱেষণা আৰু বিকাশৰ প্ৰচাৰ কৰিব।

ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনে (NQM) দেশৰ প্ৰযুক্তিৰ বিকাশ সম্পৰ্কীয় পৰিৱেশতন্ত্ৰক বিশ্বব্যাপী প্ৰতিযোগিতামূলক স্তৰলৈ লৈ যাব পাৰিব। এই অভিযানে যোগাযোগ, স্বাস্থ্য, বিত্তীয় আৰু শক্তি খণ্ডৰ লগতে ঔষধ আৰু মহাকাশ বিষয়ক প্ৰয়োগৰ নিৰ্মাণত যথেষ্ট লাভদায়ক বিবেচিত হ'ব। ই ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ষ্টেণ্ড-আপ ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ দৰে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহক ব্যাপকভাৱে প্ৰচাৰ কৰিব।

****



(Release ID: 1918029) Visitor Counter : 165