প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তেলেংগানাৰ হায়দৰাবাদত ছিকন্দৰাবাদ ৰে’ল ষ্টেচনত ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 08 APR 2023 5:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত ছিকন্দৰাবাদ ৰে'ল ষ্টেচনত ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰে আৰু শিশুসকলৰ লগতে ৰে'লখনৰ কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হৈছে যিখনে ছিকন্দৰাবাদ আৰু তিৰুপতিৰ মাজত যাতায়াত বৃদ্ধি কৰিব। এই ৰে'লখনৰ বাবে মই তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ লোকসকলক অভিনন্দন জনাইছো।"

আইটি চিটি, হায়দৰাবাদৰ ভগৱান ভেংকটেশ্বৰৰ আবাসস্থলৰ সৈতে সংযোগ কৰিবলগীয়া ছিকন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছখন দ্বিতীয়খন বন্দে ভাৰত ৰেল যিখন তিনি মাহতকৈ কম সময়ৰ ভিতৰত তেলেংগানাৰ পৰা আৰম্ভ কৰা হৈছে। ৰেলখনে দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় প্ৰায় চাৰে তিনি ঘণ্টা হ্ৰাস কৰিব আৰু তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষভাৱে লাভজনক হ'ব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে তেলেংগানাৰ ৰাজ্যপাল ডঃ তামিলিচাই সুন্দৰৰাজন, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে।

*************************

DS/TS/KG


(रिलीज़ आईडी: 1914978) आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada