প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন কী বাতে তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন সাধনকাৰীসকলৰ অৱলোকন কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 31 MAR 2023 9:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ ১৮ নেটৱৰ্কক প্ৰশংসা কৰে। সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা “ভয়চ অৱ ইণ্ডিয়া-মোদী এণ্ড হিজ ট্ৰেন্সফৰ্মেটিভ মন কী বাত” শীৰ্ষক কফি টেবুল বুকখন ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে নিউজ ১৮ ৰাইজিং ইণ্ডিয়া ছামিটত উন্মোচন কৰিছিল। কিতাপখনে মন কী বাতত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক স্বীকাৰ কৰিছে।

উপ-ৰাষ্ট্ৰপতিয়ে কৰা এটা টুইটলৈ সঁহাৰি জনাই শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰেঃ

"#MannKiBaatৰ আটাইতকৈ সুন্দৰ কথাটো হ'ল ই তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন সাধনকাৰীসকলৰ অৱলোকন কৰিছে। এই কাৰ্য্যক্ৰমে এশটা খণ্ড সম্পূৰ্ণকৰণৰ লগে-লগে, মই ইয়াত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক কৃতজ্ঞতা জনোৱাৰ বাবে @CNNnews18ৰ প্ৰচেষ্টাৰ শলাগ লৈছো।"

****

DS/SB



(Release ID: 1912984) Visitor Counter : 87