প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গণতন্ত্ৰৰ বাবে দ্বিতীয় সন্মিলনৰ নেতা-পৰ্য্যায়ৰ পূৰ্ণাংগ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

Posted On: 29 MAR 2023 4:40PM by PIB Guwahati

নমস্কাৰ!

মই আপোনালোকক ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

সমগ্ৰ বিশ্বৰ বহু পূৰ্বেই প্ৰাচীন ভাৰতত নিৰ্বাচিত নেতাৰ ধাৰণা এটা সাধাৰণ বৈশিষ্ট্য আছিল। আমাৰ প্ৰাচীন মহাকাব্য মহাভাৰতত নাগৰিকৰ প্ৰথম কৰ্তব্যৰ বৰ্ণনাত নিজৰ নেতা বাছনি কৰাৰ কথা উল্লেখ আছে।

আমাৰ পবিত্ৰ বেদত বিস্তৃত-ভিত্তিৰ পৰামৰ্শদাতা সংস্থাসমূহে ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ কথা আছে। প্ৰাচীন ভাৰতৰ গণতন্ত্ৰ ৰাজ্যৰ বিষয়েও একাধিক ঐতিহাসিক উল্লেখ আছে, য'ত শাসকসকল বংশগত নাছিল। ভাৰত সঁচাকৈয়ে গণতন্ত্ৰৰ মাতৃ।

মান্যবৰণেষু,

গণতন্ত্ৰ কেৱল এক গাঁথনিয়েই নহয়; ই এক উদ্দীপনাও। ই প্ৰতিজন লোকৰ প্ৰয়োজন আৰু আকাংক্ষা সমানেই গুৰুত্বপূৰ্ণ বুলি বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠিত। ইয়াৰ পৰিপ্ৰেক্ষিতত, ভাৰতত আমাৰ পথ প্ৰদৰ্শনকাৰী দৰ্শন হৈছে "সবকা সাথ, সবকা বিকাশ", অৰ্থাৎ ''সৰ্বাংগীন বিকাশৰ বাবে সমন্বিত প্ৰয়াস''।
জীৱন-শৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজৰ আমাৰ প্ৰচেষ্টাই হওক, জল সংৰক্ষণেই হওক বা সকলোকে স্বচ্ছ ৰন্ধন ইন্ধন যোগানৰ প্ৰচেষ্টাই হওক, প্ৰতিটো পদক্ষেপ ভাৰতৰ নাগৰিকৰ সামূহিক প্ৰচেষ্টাৰে চালিত হৈছে।
ক’ভিড-১৯ৰ সময়ত ভাৰতৰ সঁহাৰি আছিল জন-চালিত। তেওঁলোকেই ২ বিলিয়নৰো অধিক পালি মেড ইন ইণ্ডিয়া ভেকচিন প্ৰদান সম্ভৱ কৰি তুলিছিল। আমাৰ ''ভেকচিন মৈত্ৰী'' পদক্ষেপৰ অধীনত কেইবা নিযুত ভেকচিন সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰা হৈছিল।

এই ক্ষেত্ৰত ''বসুধৈৱ কুটুম্বকম'' - এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ গণতান্ত্ৰিক মনোভাৱেও উদ্দীপনা যোগাইছিল।

মান্যবৰণেষু,
গণতন্ত্ৰৰ গুণৰাজি অলেখ যদিও এইখিনিয়েই কওঁ যে একাধিক বৈশ্বিক প্ৰত্যাহ্বানৰ মাজতো ভাৰত আজি দ্ৰুত বৰ্ধমান বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এয়াই হৈছে বিশ্বত গণতন্ত্ৰৰ শ্ৰেষ্ঠ নিদৰ্শন। ই ডেম’ক্ৰেচি কেন ডেলিভাৰৰ দৃষ্টান্ত দাঙি ধৰিছে।

এই অধিৱেশনৰ অধ্যক্ষতা কৰাৰ বাবে ৰাষ্ট্ৰপতি ইউনক ধন্যবাদ জনালো।

 আৰু ইয়াত ভাগ লোৱা সকলো বিশিষ্ট নেতাক ধন্যবাদ জ্ঞাপন কৰিলো।

 অশেষ ধন্যবাদ।

 

***

DS/AK/SB



(Release ID: 1912071) Visitor Counter : 79