কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উপভোক্তালৈ লক্ষ্য নিৰ্ধাৰিত ৰাজসাহায্যত অনুমোদন জনাইছে

Posted On: 24 MAR 2023 9:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত গঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেট কমিটিয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ(PMUY) হিতাধিকাৰীক প্ৰদান কৰিবলৈ বছৰি ১২টা পৰ্যন্ত ৰিফিলৰ বাবে প্ৰতি ১৪.২ কেজি চিলিণ্ডাৰত ২০০ টকা ৰাজসাহায্য প্ৰদানৰ অনুমোদন জনাইছে। ২০২৩ চনৰ ১ মাৰ্চলৈকে ৯.৫৯ কোটি পিএমইউৱাই হিতাধিকাৰী আছে।

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে মুঠ ব্যয় হ’ব ৬,১০০ কোটি আৰু ২০২৩-২৪ চনৰ বাবে ৭,৬৮০ কোটি টকা। এই ৰাজসাহায্য পোনপটীয়াকৈ যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হয়। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী যেনে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আই অ’ চি এল), ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল) আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল)য়ে ইতিমধ্যে ২০২২ চনৰ ২২ মে’ৰ পৰা এই ৰাজসাহায্য প্ৰদান কৰি আহিছে।

বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত এল পি জিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। এল পি জিৰ উচ্চ মূল্যৰ পৰা পি এম ইউ ৱাই হিতাধিকাৰীক সকাহ দিয়াটো গুৰুত্বপূৰ্ণ।

পিএমইউৱাই গ্ৰাহকসকলক লক্ষ্য নিৰ্ধাৰণ কৰা সমৰ্থনে তেওঁলোকক এলপিজিৰ অবিৰত ব্যৱহাৰৰ বাবে উৎসাহিত কৰে। পিএমইউৱাই গ্ৰাহকৰ মাজত এলপিজি গ্ৰহণ আৰু ব্যৱহাৰ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে সম্পূৰ্ণৰূপে পৰিষ্কাৰ ৰন্ধন ইন্ধনলৈ সলনি হ’ব পাৰে। পিএমইউৱাই গ্ৰাহকৰ গড় এলপিজি ব্যৱহাৰ ২০১৯-২০ চনত ৩.০১ ৰিফিলৰ পৰা ২০২১-২২ চনত ৩.৬৮লৈ বৃদ্ধি পাইছে। এই লক্ষ্য ৰাজসাহায্যৰ বাবে সকলো পিএমইউৱাই হিতাধিকাৰী যোগ্য।

গ্ৰাম্য আৰু বঞ্চিত দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে বিশুদ্ধ ৰন্ধন ইন্ধন লিকুইফাইড পেট্ৰলিয়াম গেছ (এল পি জি) উপলব্ধ কৰিবলৈ চৰকাৰে ২০১৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছিল, যাতে দৰিদ্ৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলাসকলক জমা বিনামূলীয়া এল পি জি সংযোগ প্ৰদান কৰিব পাৰে।

*****

DS/MS



(Release ID: 1911354) Visitor Counter : 126