প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধাৰৱাড়ৰ ‘ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ’-য়ে ধাৰৱাড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ লোকসকলক যথেষ্ট উপকৃত কৰিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 25 MAR 2023 11:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধাৰৱাড়ৰ ‘ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ’-য়ে ধাৰৱাড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ লোকসকলক যথেষ্ট উপকৃত কৰিব। ই উৎপাদন আৰু উদ্ভাৱনৰ জগতখনত কৰ্ণাটকৰ উপস্থিতিক প্ৰসাৰিত কৰিব বুলিও শ্ৰী মোদীয়ে লগতে কয়।

এলানি ‘টুইট’ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে জানিবলৈ দিয়ে যে কৰ্ণাটকৰ ধাৰৱাড় জিলাই ‘ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ’ লাভ কৰিছে। এই ক্লাষ্টাৰে ১,৫০০ কোটি টকা বিনিয়োগ আকৰ্ষিত কৰিব আৰু ১৮,০০০ চাকৰি সৃষ্টি কৰিব। আক্ষৰিক অৰ্থতে ই জিলাখনৰ লগতে ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"ইয়াৰ ফলত ধাৰৱাড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ লোকসকল যথেষ্ট উপকৃত হ'ব। ই উৎপাদন আৰু উদ্ভাৱনৰ পৃথিৱীখনত কৰ্ণাটকৰ উপস্থিতিকো প্ৰসাৰিত কৰিব।"

 

*****

DS/ST/KB


(रिलीज़ आईडी: 1911095) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam