প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাঞ্চীপুৰমৰ ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা

Posted On: 22 MAR 2023 8:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাঞ্চীপুৰমৰ ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“কাঞ্চীপুৰমৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাত শোকাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে, আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।”

 

***

DS/TS/SB



(Release ID: 1910770) Visitor Counter : 91