প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮ মাৰ্চত গ্ল’বেল মিলেটছ (শ্ৰী অন্ন) সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 MAR 2023 6:57PM by PIB Guwahati

নতুন দিল্লীৰ আইএআৰআই চৌহদৰ এনএএছচি কমপ্লেক্সৰ সুব্ৰমনিয়াম হলত ১৮ মাৰ্চৰ পুৱা ১১ বজাত গ্ল’বেল মিলেটছ(শ্ৰী অন্ন) সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব প্ৰধানমন্ত্ৰীয়ে।

ভাৰতৰ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই(ইউএনজিএ) ২০২৩ বৰ্ষটোক আন্তৰ্জাতিক বাজৰা বৰ্ষ (আইৱাইএম) হিচাপে ঘোষণা কৰিছিল। লগতে, আন্তৰ্জাতিক বাজৰা বৰ্ষ (আইৱাইএম) ২০২৩ উদযাপনক 'জন আন্দোলন' হিচাপে গঢ়ি তোলা আৰু ভাৰতক 'বাজৰাৰ বৈশ্বিক কেন্দ্ৰ' হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, কৃষক, ষ্টাৰ্ট-আপ, ৰপ্তানিকৰ্তা, খুচুৰা ব্যৱসায় আৰু অন্যান্য অংশীদাৰসকলক কৃষক, উপভোক্তা আৰু জলবায়ুৰ বাবে বাজৰাৰ লাভালাভৰ বিষয়ে প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে নিযুক্ত কৰা হৈছে। ভাৰতত গ্ল’বেল মিলেটছ (শ্ৰী অন্ন) সন্মিলনৰ আয়োজন এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী।

দুদিনীয়া এই আন্তৰ্জাতিক সন্মিলনত বাজৰা (শ্ৰীঅন্ন) সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ বিষয় যেনে উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত বাজৰাৰ প্ৰচাৰ আৰু সজাগতা; বাজৰাৰ মূল্য শৃংখলা উন্নয়ন; বাজৰাৰ স্বাস্থ্য আৰু পুষ্টিগত দিশ; বজাৰ সংযোগ; গৱেষণা আৰু উন্নয়ন ইত্যাদিৰ ওপৰত অধিৱেশন অনুষ্ঠিত হব। সন্মিলনখনত বিভিন্ন দেশৰ কৃষি মন্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী, পুষ্টিবিদ, স্বাস্থ্য বিশেষজ্ঞ, ষ্টাৰ্ট-আপ নেতা আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকিব।

 

*************************

DS/LP/KG



(Release ID: 1907803) Visitor Counter : 129