প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১০ মাৰ্চত ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাসকৰণ প্লেটফৰ্মৰ তৃতীয় বৈঠক উদ্ঘাটন কৰিব
বৈঠকৰ বিষয়, "পৰিৱৰ্তিত জলবায়ুত স্থানীয় প্ৰতিৰোধ গঢ়ি তোলা"
प्रविष्टि तिथि:
09 MAR 2023 4:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ মাৰ্চ, ২০২৩ত সন্ধিয়া ৪:৩০ বজাত বিজ্ঞান ভৱন, নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাসকৰণ প্লেটফৰ্ম (এনপিডিআৰআৰ)ৰ তৃতীয় বৈঠকৰ উদ্ঘাটন কৰিব। এই প্লেটফৰ্মৰ তৃতীয় বৈঠকৰ মুখ্য বিষয় হৈছে, "পৰিৱৰ্তিত জলবায়ুত স্থানীয় প্ৰতিৰোধ গঢ়ি তোলা"।
কাৰ্যক্ৰমৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰৰ বিজেতাসকলক সন্মানিত কৰিব। ২০২৩ৰ বাবে পুৰস্কাৰৰ বিজেতা হৈছে- ওডিশা ৰাজ্য দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণ (অ'এছডিএমএ) আৰু লুংলেই ফায়াৰ ষ্টেচন, মিজোৰাম। প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগ আশংকা হ্ৰাসকৰণৰ ক্ষেত্ৰত অভিনৱ বিচাৰ আৰু পদক্ষেপ তথা উপকৰণ আৰু প্ৰযুক্তি প্ৰদৰ্শন কৰা প্ৰদৰ্শনীৰো উদ্ঘাটন কৰিব।
এনপিডিআৰআৰ হৈছে দুৰ্যোগ আশংকা হ্ৰাসকৰণৰ ক্ষেত্ৰত সুযোগ চিনাক্ত কৰা আৰু সংবাদ, অভিজ্ঞতা, দৃষ্টি, বিচাৰ, কাৰ্য ব্যৱস্থা-উন্মুখ গৱেষণা ভাগ-বাতোৱাৰা কৰিবলৈ ভাৰত চৰকাৰৰ দ্বাৰা গঠিত এটা বহু-হিতধাৰক মঞ্চ।
**********
DS/LP
(रिलीज़ आईडी: 1905445)
आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam