বিত্ত মন্ত্ৰালয়

২০১৯ চনত আৰম্ভ হোৱাৰে পৰা ‘স্বামী-এইচ পুঁজি’য়ে সম্পূৰ্ণ কৰিলে ২০,৫৫৭টা ঘৰৰ নিৰ্মাণ কাৰ্য

পৰৱৰ্তী ৩টা বছৰত এই পুঁজিয়ে দেশৰ ‘প্ৰথম’ আৰু ‘তৃতীয় পৰ্যায়’ৰ ৩০খন মহানগৰীত ৮১,০০০টা ঘৰ নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰিব

এই পুঁজিয়ে ২৬টা প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে ৩৫,০০০টকাৰো অধিক পৰিমাণৰ নগদ ধনৰ প্ৰবাহ সম্ভৱ কৰে

Posted On: 04 MAR 2023 1:32PM by PIB Guwahati

‘দি স্পেচিয়েল উইণ্ড ফৰ এফৰ্ডেবল এণ্ড মিড-ইনকম হাউছিং’ বা ‘সুলভ আৰু মধ্যমীয়া-আয়ৰ গৃহ নিৰ্মাণৰ বাবে বিশেষ উইণ্ড’ (স্বামী-এইচ) বিনিয়োগ পুঁজি-১’ হৈছে বিশেষভাবে চাপযুক্ত আৰু স্তব্ধপ্ৰায় আৱাসিক প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাৰ বাবে গঠন কৰা ভাৰতৰ সৰ্ববৃহৎ সামাজিক প্ৰভাৱমূলক পুঁজি।

এই পুঁজিৰ পৃষ্ঠপোষকতা কৰিছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে, আৰু ইয়াক ‘ষ্টেট বেঙ্ক গোষ্ঠী’ৰ ‘এছবিআইচিএপি ভেঞ্চাৰ্ছ লিমিটেড প্ৰতিষ্ঠান’য়ে পৰিচালনা কৰে। ভাৰতত বা বিশ্ববজাৰত এই পুঁজিৰ দৰে দৃষ্টান্ত বা তুলনামূলক সমকক্ষ পুঁজি নাই।

ই এতিয়ালৈকে ১৫,৫৩০ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে চাপযুক্ত, ‘ব্ৰাউনফিল্ড’ আৰু ‘ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথ’ৰিটী’ (আৰইআৰএ)ৰ পঞ্জীয়ণভুক্ত সুলভ, মধ্যমীয়া-আয় শ্ৰেণীৰ আৱাসিক প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে প্ৰাথমিকতা ভিত্তিক ঋণৰ জৰিয়তে বিত্তীয় পুঁজিৰ যোগান ধৰা।

‘স্বামী-এইচ’-য়ে এতিয়ালৈকে ১২,০০০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজিৰ আৱণ্টনৰে প্ৰায় ১৩০টা প্ৰকল্পৰ ক্ষেত্ৰত চূড়ান্ত অনুমোদন প্ৰদান কৰিছে। ২০১৯ চনত আৰম্ভ হোৱাৰে পৰা তিনি বছৰত এই পুঁজিয়ে ইতিমধ্যে ২০,৫৫৭টা ঘৰ সম্পূৰ্ণ কৰিছে আৰু পৰৱৰ্তী তিনি বছৰত ৩০খন ‘প্ৰথম’ আৰু ‘দ্বিতীয় পৰ্যায়’ৰ মহানগৰত ৮১,০০০ৰো অধিক ঘৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

যিহেতু এই পুঁজিয়ে প্ৰথমবাৰৰ বাবে বিকাশক, সমস্যাগ্ৰস্ত প্ৰকল্পসমূহৰ প্ৰতিষ্ঠিত বিকাশক, স্তব্ধপ্ৰায় প্ৰকল্প, গ্ৰাহকৰ অভিযোগ আৰু ‘এনপিএ একাউণ্ট’ৰ দুৰ্বল ‘ট্ৰেক ৰেকৰ্ড’ থকা বিকাশকসকলৰ, আনকি মোকৰ্দমাৰ সমস্যা থকা প্ৰকল্পবোৰকো ঋণৰ বাবে বিবেচনা কৰিব খুজিছে, সেয়ে ইয়াক ‘দুৰ্দশাগ্ৰস্ত প্ৰকল্পসমূহক সকাহ দিব পৰা অন্তিম ঋণদাতা’ হিচাপে গণ্য কৰা হয়।

প্ৰকল্পব্যয়ৰ ক্ষেত্ৰত শক্তিশালী তত্বাৱধান আৰু নিয়ন্ত্ৰণ হৈছে ‘স্বামী-এইচ’ বিনিয়োগ প্ৰক্ৰিয়াৰ মুখ্য আধাৰ, যাৰ ফলত প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিৰে সম্পূৰ্ণ হয়। এই পুঁজিৰ উপস্থিতিয়ে প্ৰায়ে বহু বছৰ ধৰি বিলম্ব হোৱা প্ৰকল্পবোৰৰ বাবে উন্নত সংগ্ৰহ আৰু বিক্ৰীৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে।

প্ৰকল্প আৰু বিকাশকসকলৰ ‘ট্ৰেক ৰেকৰ্ড’ স্বত্বেও শক্তিশালী নিয়ন্ত্ৰণৰ পৰিপ্ৰেক্ষিতত এই পুঁজিয়ে ২৬টা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ইয়াৰ বিনিয়োগকাৰীসকলৰ বাবে লাভৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এই পুঁজিয়ে ‘ৰিয়েল ইষ্টেট আৰু আন্তঃগাঁথনি নিৰ্মাণ খণ্ড’ৰ বহুতো আনুষঙ্গিক উদ্যোগৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে সফলতাৰে ৩৫,০০০ কোটি টকাৰো অধিক নগদ ধনৰ প্ৰবাহ সম্ভৱ কৰিছে।

****

PPG/KMN/KB



(Release ID: 1904281) Visitor Counter : 104