বিত্ত মন্ত্ৰালয়

২০২৩ৰ ফেব্ৰুৱাৰীত মুঠ ১,৪৯,৫৭৭ কোটি টকা জিএছটি ৰাজহ সংগ্ৰহ কৰা হৈছে; যোৱা বছৰৰ একেটা মাহৰ ৰাজহৰ তুলনাত ১২% অধিক

একেৰাহে ১২ মাহ ধৰি মাহিলী জিএছটি ৰাজহ সংগ্ৰহৰ পৰিমাণ ১.৪ লাখ কোটিতকৈ অধিক হৈছে

সামগ্ৰী আমদানিৰ পৰা লাভ কৰা বাৰ্ষিক ৰাজহ ৬% আৰু ঘৰুৱা লেনদেন (সেৱা আমদানিকে ধৰি) ১৫% অধিক হৈছে

Posted On: 01 MAR 2023 2:36PM by PIB Guwahati

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মুঠ ১,৪৯,৫৭৭ কোটি টকা জিএছটি ৰাজহ সংগ্ৰহ কৰা হৈছে৷ ইয়াৰে ভিতৰত চিজিএছটি ২৭,৬৬২ কোটি, এছজিএছটি ৩৪,৯১৫ কোটি, আইজিএছটি ৭৫,০৬৯ কোটি টকা (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ৩৫,৬৮৯ কোটি টকাকে ধৰি) আৰু উপকৰ ১১,৯৩১ কোটি টকা (সামগ্ৰী আমদানিৰ সময়ত সংগ্ৰহ কৰা ৭৯২ কোটিকে ধৰি)৷

চৰকাৰে চিজিএছটিত ৩৪,৭৭০ কোটি আৰু এছজিএছটিত ২৯,০৫৪ কোটি টকা নিয়মীয়াকৈ নিষ্পত্তি কৰিছে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত নিয়মীয়া নিষ্পত্তিৰ পিছত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মুঠ ৰাজহ হৈছে চিজিএছটিৰ বাবে ৬২,৪৩২ কোটি আৰু এছজিএছটিৰ বাবে ৬৩,৯৬৯ কোটি টকা। ইয়াৰ উপৰিও কেন্দ্ৰই ২০২২ চনৰ জুন মাহৰ বাবে ১৬,৯৮২ কোটি টকাৰ বেলেঞ্চ জিএছটি ক্ষতিপূৰণ আৰু পূৰ্বৰ সময়ছোৱাৰ এজি প্ৰমাণিত পৰিসংখ্যা প্ৰেৰণ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১৬,৫২৪ কোটি টকাও মুকলি কৰিছে।

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাজহ যোৱা বছৰৰ একে মাহত সংগৃহীত জিএছটিৰ ৰাজহতকৈ ১২% অধিক, যিটো প্ৰায় ১,৩৩,০২৬ কোটি টকা আছিল। চলিত মাহত সামগ্ৰী আমদানিৰ পৰা লাভ কৰা ৰাজহ ৬% অধিক আৰু ঘৰুৱা লেনদেনৰ পৰা (সেৱা আমদানিকে ধৰি) ৰাজহ যোৱা বছৰৰ একে মাহৰ ভিতৰত এই উৎসসমূহৰ পৰা পোৱা ৰাজহতকৈ ১৫% অধিক। চলিত মাহত জিএছটি কাৰ্যকৰী হোৱাৰ পিছত সৰ্বাধিক ১১,৯৩১ কোটি টকাৰ উপকৰ সংগ্ৰহ কৰা হৈছে৷ সাধাৰণতে ফেব্ৰুৱাৰী মাহটো ২৮ দিনীয়া মাহ হোৱাৰ বাবে তুলনামূলকভাৱে কম ৰাজহ সংগ্ৰহ কৰা পৰিলক্ষিত হয়।

তলৰ চাৰ্টত চলিত বৰ্ষৰ মাহিলী মুঠ জিএছটি ৰাজহ সংগ্ৰহৰ ধাৰা দেখুওৱা হৈছে। এই তালিকাত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিখন ৰাজ্যত সংগ্ৰহ কৰা জিএছটিৰ ৰাজ্যভিত্তিক পৰিসংখ্যা দেখুওৱা হৈছে।

ৰাজ্য

ফেব্ৰুৱাৰী, ২২

ফেব্ৰুৱাৰী, ২৩

বৃদ্ধি

জম্মু আৰু কাশ্মীৰ

৩২৬

৪৩৪

৩৩%

হিমাচল প্ৰদেশ

৬৫৭

৬৯১

৫%

পাঞ্জাৱ

১,৪৮০

১,৬৫১

১২%

চণ্ডীগড়

১৭৮

১৮৮

৫%

উত্তৰাখণ্ড

১,১৭৬

১,৪০৫

২০%

হাৰিয়ানা

৫,৯২৮

৭,৩১০

২৩%

দিল্লী

৩,৯২২

৪,৭৬৯

২২%

ৰাজস্থান

৩,৪৬৯

৩,৯৪১

১৪%

উত্তৰপ্ৰদেশ

৬,৫১৯

৭,৪৩১

১৪%

বিহাৰ

১,২০৬

১,৪৯৯

২৪%

ছিকিম

২২২

২৬৫

১৯%

অৰুণাচল প্ৰদেশ

৫৬

৭৮

৩৯%

নাগালেণ্ড

৩৩

৫৪

৬৪%

মনিপুৰ

৩৯

৬৪

৬৪%

মিজোৰাম

২৪

৫৮

১৩৮%

ত্ৰিপুৰা

৬৬

৭৯

২০%

মেঘালয়

২০১

১৮৯

-৬%

অসম

১,০০৮

১,১১১

১০%

পশ্চিমবংগ

৪,৪১৪

৪,৯৫৫

১২%

ঝাৰখণ্ড

২,৫৩৬

২,৯৬২

১৭%

ওড়িশা

৪,১০১

৪,৫১৯

১০%

চত্তীশগড়

২,৭৮৩

৩,০০৯

৮%

মধ্যপ্ৰদেশ

২,৮৫৩

৩,২৩৫

১৩%

গুজৰাট

৮,৮৭৩

৯,৫৭৪

৮%

দাদৰা আৰু নগৰ হাভেলি

২৬০

২৮৩

৯%

মহাৰাষ্ট্ৰ

১৯,৪২৩

২২,৩৪৯

১৫%

কৰ্ণাটক

৯,১৭৬

১০,৮০৯

১৮%

গোৱা

৩৬৪

৪৯৩

৩৫%

লাক্ষাদ্বীপ

২৭৪%

কেৰালা

২,০৭৪

২,৩২৬

১২%

তামিলনাডু

৭,৩৯৩

৮,৭৭৪

১৯%

পুডুচেৰী

১৭৮

১৮৮

৫%

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

২২

৩১

৪০%

তেলেংগানা

৪,১১৩

৪,৪২৪

৮%

অন্ধ্ৰপ্ৰদেশ

৩,১৫৭

৩,৫৫৭

১৩%

লাডাখ

১৬

২৪

৫৬%

অন্যান্য কেন্দ্ৰীয় শাসিত অঞ্চল

১৩৬

২১১

৫৫%

কেন্দ্ৰীয় এলেকাধীন

১৬৭

১৫৪

-৮%

মুঠ

৯৮,৫৫০

১,১৩,০৯৬

১৫%

 

****

PPG/KMN/DB



(Release ID: 1903568) Visitor Counter : 106