তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

শ্ৰী ৰাজেশ মালহোত্ৰাই প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ প্ৰধান মহানিৰ্দেশক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে

Posted On: 01 MAR 2023 10:41AM by PIB Guwahati

শ্ৰী ৰাজেশ মালহোত্ৰাই আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' (পিআইবি)ৰ প্ৰধান মহানিৰ্দেশক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। শ্ৰী মালহোত্ৰাই কালি শ্ৰী সত্যেন্দ্ৰ প্ৰকাশৰ সেৱানিবৃত্তিৰ পাছত কাৰ্যভাৰ গ্ৰহণ কৰে।

১৯৮৯ বেচৰ ভাৰতীয় তথ্য সেৱা (আইআইএছ) বিষয়া শ্ৰী ৰাজেশ মালহোত্ৰাই ইয়াৰ পূৰ্বে জানুৱাৰী ২০১৮ৰ পৰা বিত্ত মন্ত্ৰালয়ত কাম কৰিছিল। তেওঁ কোভিড-১৯ মহামাৰীৰ সময়ত বিত্ত মন্ত্ৰালয়ত দক্ষতাসহকাৰে মিডিয়া আৰু কমিউনিকেচন নীতিৰ সঞ্চালনা কৰে, যি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষিত বিভিন্ন আত্মনিৰ্ভৰ ভাৰত পেকেজৰ প্ৰতি লক্ষ্য ৰাখি আছিল, যাৰ জৰিয়তে মানুহক সকাহ দিয়াৰ কাম কৰা হৈছিল। এনেকৈ অৰ্থনৈতিক সন্তুলন বজাই ৰখাৰ কাম কৰা হয়।

শ্ৰী মালহোত্ৰাৰ বিত্ত, কোম্পানী পৰিক্ৰমা, কৃষি, বিদ্যুৎ, কয়লা, খনি, সঞ্চাৰ আৰু আইটি, বস্ত্ৰ, শ্ৰম, নবীন আৰু নবীকৰণযোগ্য শক্তিসহ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ বাবে মিডিয়া আৰু সঞ্চাৰ ৰণনীতিৰ যোজনা আৰু ৰূপায়ণত ৩২ৰো অধিক বছৰৰ অভিজ্ঞতা আছে। ইয়াৰ উপৰিও, তেওঁ ২১ বছৰ (১৯৯৬-২০১৭)ৰ বাবে মিডিয়া আৰু সঞ্চাৰৰ প্ৰভাৰী হিচাপে ভাৰত নিৰ্বাচন আয়োগৰ সৈতে জড়িত থাকে। এই সময়ছোৱাত লোকসভাৰ ছটা সাধাৰণ নিৰ্বাচনৰ সময়ত মিডিয়া আৰু সঞ্চাৰ ৰণনীতিৰ যোজনা প্ৰস্তুত কৰা হয় আৰু সেয়া বলৱৎ কৰা হয়, লগতে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন হয়। এই কাৰ্যকালৰ সময়ত শ্ৰী মালহোত্ৰাই ১২জন মুখ্য নিৰ্বাচন আয়ুক্তৰ সৈতে লগ হৈ কাম কৰে।

শ্ৰী মালহোত্ৰাই আইএমটি, গাজিয়াবাদৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিপ্লমা আৰু নালসাৰ, হাইদৰাবাদৰ পৰা মিডিয়া বিধিত স্নাতকোত্তৰ ডিপ্লমা কৰে। ইয়াৰ উপৰিও, তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা সাৰ্বজনীন নীতি বিশ্লেষণৰ ওপৰত হ্ৰস্বকালীন পাঠ্যক্ৰম, থমছন ফাউণ্ডেশ্যন, ব্ৰিটেইনত মিডিয়া প্ৰবন্ধন আৰু ৰণনীতি আৰু নতুন দিল্লীত আইআইএম লক্ষ্ণৌৰ দ্বাৰা আয়োজিত 'মাৰ্কেটিং: দ্য উইনিং কনচেপ্টছ এণ্ড প্ৰেক্টিছেজ'ৰ ওপৰত কাৰ্যক্ৰমৰো অংশ হয়। তেওঁ ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটেৰিজ অফ ইণ্ডিয়াৰ ফেলো সদস্যও আৰু তেওঁৰ আইনৰো ডিগ্ৰী আছে।

এজন মুখপাত্র হিচাপে শ্ৰী মালহোত্ৰাক এফালে চৰকাৰ আৰু আনফালে মিডিয়াৰ মাজত 'দুটা পথযুক্ত' সঞ্চাৰ চেনেল সফলতাৰে স্থাপন কৰাৰ অভিজ্ঞতা আছে। তেওঁ নিজৰ বিশেষ কৌশলত বিভিন্ন মন্ত্ৰালয়ত থাকি বিভিন্ন কামৰ সময়ত যেতিয়াই কিবা সংকটৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, তেতিয়াই তেওঁ তাৰ সফলতাৰে প্ৰবন্ধন কৰিছে। এই সময়ছোৱাত তেওঁ এই কথা সুনিশ্চিত কৰিছে যে মিডিয়াই কেৱল সঠিক পৰিপ্ৰেক্ষিত/তথ্য প্ৰচাৰ কৰক। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন/কাৰ্যক্ৰমৰ বাবে মিডিয়া কভাৰেজৰ সমন্বয়ৰ ব্যাপক অভিজ্ঞতাও আছে; এই ক্ৰমত তেওঁ নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন মন্ত্ৰীস্তৰীয় প্ৰতিনিধিমণ্ডলৰ অভিন্ন অংশ হয়।

 

**********

Saurabh Singh



(Release ID: 1903411) Visitor Counter : 158