প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ মানদণ্ডৰ শ্ৰী অন্ন সামগ্ৰীক উৎসাহিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা স্বীকাৰ কৰে
प्रविष्टि तिथि:
26 FEB 2023 10:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত মানৰ শ্ৰী অন্ন সামগ্ৰীক উৎসাহিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপক স্বীকাৰ কৰিছে।
শ্ৰী মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মানসুখ মান্দভিয়াই কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, য’ত মন্ত্ৰীগৰাকীয়ে জনাইছে যে এফ এছ এছ এ আই ইণ্ডিয়াই ১৫ প্ৰকাৰৰ বাজৰাৰ বাবে ৮টা গুণগত মানৰ পৰিমাপ নিৰ্দিষ্ট কৰি এক বিস্তৃত গ্ৰুপ ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰিছে যাতে ঘৰুৱা আৰু বিশ্বব্যাপী বজাৰত উন্নত মানৰ বাজৰাৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত মানৰ শ্ৰী অন্ন সামগ্ৰীক উৎসাহিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ।”
****
DS/ST/MS
(रिलीज़ आईडी: 1902683)
आगंतुक पटल : 219
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam