প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জনসাধাৰণক নিজগৃহতে জৈৱিক কৃষিকাৰ্য আৰম্ভ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 23 FEB 2023 9:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক তেওঁলোকৰ ঘৰত জৈৱিক কৃষি কাৰ্য আৰম্ভ কৰাৰ আহ্বান জনায়। তেওঁ ৰাজ্যসভাৰ সাংসদ সংগীতা যাদৱ মৌৰ্যৰ এটা টুইটৰ উত্তৰ দিএই কথা কয়, টুইটটোত সাংসদগৰাকীৰ ঘৰৰ চাদত বিভিন্ন প্ৰকাৰৰ পাচলি খেতি কৰা দেখুওৱা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় -

"অসাধাৰণ! প্ৰকৃতিৰ সৈতেও জড়িত হৈ থাকক আৰু স্বাস্থ্যকৰ খাদ্যও খাওক…দেশৰ জনসাধাৰণে তেওঁলোকৰ নিজৰ ঘৰতে এনে চেষ্টা কৰিব পাৰে। "

*****

DS/ST


(ৰিলিজ আই ডি : 1902676) অতিথি কক্ষ : 175