প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ সীধীত হোৱা বাছ দুৰ্ঘটনাত প্ৰাণ হানিত শোক প্ৰকাশ কৰে

তেওঁ পিএমএনআৰএফৰ পৰা মৃতকৰ প্ৰতি দুই লাখকৈ টকা আৰু আহতসকলৰ বাবে ৫০,০০কৈ টকাৰ অনুগ্ৰহ ৰাশিৰ ঘোষণা কৰে

प्रविष्टि तिथि: 25 FEB 2023 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ সীধীত হোৱা বাছ দুৰ্ঘটনাত মানুহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ পিএমএনআৰএফৰ পৰা প্ৰত্যেক মৃতকৰ আত্মীয়ক দুই লাখকৈ টকা আৰু আহতসকলক ৫০,০০০কৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়াৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

"মধ্যপ্ৰদেশৰ সীধীত হোৱা বাছ দুৰ্ঘটনা দুখজনক। এই দুখৰ সময়ত মোৰ সমবেদনা সেই লোকসকলৰ সৈতে আছে যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। মধ্যপ্ৰদেশ চৰকাৰে সকলো প্ৰভাৱিতক সম্ভৱপৰ সাহায্য প্ৰদান কৰি আছে।"

"মধ্যপ্ৰদেশত হোৱা দুৰ্ঘটনাত প্ৰত্যেক মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা দুই লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ'ব। আহতসকলক ৫০,০০০কৈ টকা দিয়া হ'ব।"

**********

DS/TS


(रिलीज़ आईडी: 1902392) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam