প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংযোগতে নিহিত আছে দেশৰ সমৃদ্ধি আৰু ই আমাৰ প্ৰথমিকতাৰ শীৰ্ষত আছেঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 25 FEB 2023 9:46AM by PIB Guwahati

খাজানি বিধানসভা সমষ্টিৰ বেলঘাটৰ পৰা চিক্ৰিগঞ্জলৈ ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা বহলোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে সন্ত কবীৰ নগৰৰ সাংসদ শ্ৰী প্ৰবীণ নিশাদৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাইছিল। সাংসদজনে উপৰোক্ত পথছোৱা বহলোৱাৰ কথাৰে ‘টুইট’টো কৰিছিল।

শ্ৰী মোদীয়ে লগতে কয় যে দেশৰ সমৃদ্ধি সংযোগত নিহিত হৈ আছে আৰু ই আমাৰ প্ৰাথমিকতাৰ শীৰ্ষত আছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“বহুত বহুত অভিনন্দন। ‘কানেক্টিভিটী’তে দেশৰ সমৃদ্ধি নিহিত আছে আৰু ই আমাৰ প্ৰাথমিকতাৰ শীৰ্ষত আছে”।

 

******

DS/ST/KB


(ৰিলিজ আই ডি : 1902281) অতিথি কক্ষ : 153