কেবিনেট

‘ভাৰতৰ ২২ সংখ্যক আইন আয়োগ’ৰ কাৰ্যকাল ২০২৪ চনৰ ৩১ আগষ্ট পৰ্যন্ত সম্প্ৰসাৰণৰ প্ৰস্তাৱলৈ কেবনেটৰ অনুমোদন

Posted On: 22 FEB 2023 12:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই  ‘ভাৰতৰ ২২ সংখ্যক আইন আয়োগ’ৰ কাৰ্যকাল ২০২৪ চনৰ ৩১ আগষ্টলৈকে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

‘ভাৰতৰ আইন আয়োগ’খন হৈছে এক অ-বিধিবদ্ধ নিকায়। ভাৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে এই আয়োগ গঠন কৰে। ১৯৫৫ চনত প্ৰথম বাৰৰ বাবে এই আয়োগ গঠন কৰা হৈছিল আৰু পৰৱৰ্তি সময়ত ইয়াৰ বহুবাৰ পুনৰ গঠন কৰা হৈছে। বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা ২২ সংখ্যক আইন আয়োগৰ কাৰ্যকাল ২০ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সামৰণি পৰিছে।

বিভিন্ন আইন আয়োগে দেশৰ আইনৰ প্ৰগতিশীল বিকাশ আৰু সংহিতাকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। আইন আয়োগে এই পৰ্যন্ত ২৭৭খন প্ৰতিবেদন দাখিল কৰিছে।

২২সংখ্যক আইন আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে শেহতীয়াকৈ কাৰ্যালয়ত যোগদান কৰিছে আৰু কেইবাটাও অমীমাংসিত প্ৰকল্পৰ পৰীক্ষণ আৰু প্ৰতিবেদন যুগুতোৱাৰ কাম হাতত লৈছে। এই কাম অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে আয়োগৰ কাৰ্যকাল ২০২৪ চনৰ ৩১আগষ্ট পৰ্যন্ত সম্প্ৰসাৰণৰ দিহা কৰা হৈছে। আয়োগখনৰ গঠন প্ৰক্ৰিয়া তলত দিয়া ধৰণেই অব্যাহত থাকিব:

          (ক) এগৰাকী পূৰ্ণকালীন অধ্যক্ষ;

          (খ) চাৰিগৰাকী পূৰ্ণকালীন সদস্য (সদস্য-সচিবসহ)

          (গ) ন্যায়িক পৰিক্ৰমা বিভাগৰ সচিবগৰাকী পদেন সদস্য হিচাপে;

          (ঘ)বিধায়িনী বিভাগৰ সচিবগৰাকী পদেন সদস্য হিচাপে; আৰু

          (ঙ)আংশকালীন সদস্যৰ সংখ্যা পাঁচজনতকৈ অধিক নহ’ব।

আইন আয়োগে ইয়াৰ বৰ্ধিত কাৰ্যকালতো যোৱা ২১-০২-২০২০ তাৰিখৰ আদেশ মৰ্মে প্ৰদান কৰা দায়িত্বসমূহ পালন কৰি যাব। এইসমূহ দায়িত্বৰ ভিতৰত অন্যান্য বিষয়ৰ লগতে অন্তৰ্ভুক্ত থকা বিষয়সমূহ হৈছে: -

(ক)সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা হেৰুওৱা, অপ্ৰচলিত আৰু অপ্ৰয়োজনীয় আইন বাতিল কৰাৰ বাবে পৰামৰ্শ দিব পৰাকৈ আইনৰ চিনাক্তকৰণ;

(খ) নিৰ্দেশাত্মক নীতিসমূহৰ কাৰ্যকৰী কৰণ আৰু সংবিধানৰ প্ৰস্তাৱনাত নিৰ্ধাৰিত উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজন অনুসৰি নতুন আইন প্ৰণয়নৰ পৰামৰ্শ দিয়া;

(গ) আইন আৰু ন্যায়িক প্ৰশাসন সম্পৰ্কীয় যিকোনো বিষয় সন্দৰ্ভত মতামত বিবেচনা কৰাৰ লগতে চৰকাৰক এই বিষয়ে অৱগত কৰা, যিসমূহ বিষয় আইন আৰু ন্যায় মন্ত্ৰালয় (আইনী পৰিক্ৰমা বিভাগ)ৰ জৰিয়তে চৰকাৰে বিশেষভাৱে উল্লেখ কৰিব পাৰে;

(ঘ)কোনো দেশে গৱেষণা কৰাৰ বাবে জনোৱা অনুৰোধ বিবেচনাৰ বাবে চৰকাৰে আইন আৰু ন্যায় মন্ত্ৰালয় (ন্যায়িক পৰিক্ৰমা বিভাগ)ৰ জৰিয়তে প্ৰেৰণ কৰা বিষয় বিবেচনা কৰা;

(ঙ)সময়ে সময়ে প্ৰতিবেদন প্ৰস্তুত কৰা, কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা, সকলো সমস্যা, অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিবেদন আৰু কেন্দ্ৰ বা যিকোনো ৰাজ্যৰ দ্বাৰা গ্ৰহণ কৰিব লগা কাৰ্যকৰী ব্যৱস্থা সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত পৰামৰ্শ দিয়া; আৰু

(চ)কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে অৰ্পণ কৰা অন্যান্য কাম-কাজসমূহ সম্পাদন কৰা।

 

***

DS/KB



(Release ID: 1901596) Visitor Counter : 128