প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সকলোকে সৰ্বশ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 FEB 2023 3:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে, বিশেষকৈ যুৱপ্ৰজন্মক শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে পৰ্যটন মন্ত্ৰালয়ে শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতা আৰম্ভ কৰিছে।

এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে স্থানীয় কলা, সংস্কৃতি আৰু জীৱনশৈলী সংৰক্ষণ আৰু প্ৰচাৰ কৰা গাওঁবোৰক সন্মানিত কৰা।

পৰ্যটন মন্ত্ৰালয়ৰ এটা টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় -

"মই আপোনালোক সকলোকে, বিশেষকৈ যুৱসকলক ভাৰতৰ মহান পৰ্যটনৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে আৰম্ভ কৰা এই অনন্য প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।”

https://www.rural.tourism.gov.in/best-rural-village-competition.html

 

***

DS/ST


(रिलीज़ आईडी: 1901278) आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam