প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 FEB 2023 11:26AM by PIB Guwahati

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। কোটাৰ ৰামগঞ্জমাণ্ডি অঞ্চলত 'সুপোষিত মা' অভিযানৰ উদ্বোধন কৰে শ্ৰী বিৰলাই। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মাতৃ আৰু শিশুক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলা।

লোকসভাৰ অধ্যক্ষৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"লোকসভাৰ মাননীয় অধ্য৭ৰ ফালৰ পৰা গ্ৰহণ কৰা ই এক দৃষ্টান্তমূলক পদক্ষেপ। মাতৃ আৰু শিশুৰ স্বাস্থ্য পাৰিবাৰিক সমৃদ্ধিৰ সৈতে জড়িত হৈ থাকে আৰু ই হৈছে শক্তিশালী সমাজৰ আধাৰশিলা।"

 

***

DS/ST /KG



(Release ID: 1901257) Visitor Counter : 101