কেবিনেট

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহযোগিতাৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 15 FEB 2023 3:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহযোগিতাৰ বাবে ভাৰত চৰকাৰ আৰু দক্ষিণ আফ্ৰিকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন জনাইছে৷

এই বুজাবুজি চুক্তি অনুসৰি দুয়োখন দেশে বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত ইখন দেশে সিখন দেশক সহায় কৰিব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ জীৱনক সহায় কৰা বিভিন্ন যন্ত্ৰৰ গৱেষণা আৰু উৎপাদনত সুবিধা হ’ব।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্ক আছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে মহাত্মা গান্ধীয়ে ১০০বছৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য বিৰোধী আন্দোলনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সহায় কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯৩ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয়। ১৯৯৭ চনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এক কৌশলগত সম্পৰ্ক স্থাপন কৰে৷ পৰৱৰ্তী সময়ত দুয়োখন দেশে একেলগে ব্ৰিকছ, আইবিএছ একে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাম কৰিছিল। অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ উপৰিও দুয়োখন দেশৰ সংস্কৃতি, স্বাস্থ্য, বিজ্ঞান, প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতামূলক সম্পৰ্ক আছে। ভাৰতৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচী মানৱ সম্পদ উন্নয়নত প্ৰচাৰত এক উপযোগী মাধ্যম হৈ আহিছে৷ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ আৰু অন্যান্য বিশ্বজনীন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিপাক্ষিক সহযোগিতা উল্লেখযোগ্য৷ বিভিন্ন ক্ষেত্ৰত সবলীকৰণৰ ওপৰত মন্ত্ৰালয়/বিভাগৰ মাজত স্বাক্ষৰিত এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গভীৰ কৰি তুলিব।

***

DS/DB



(Release ID: 1899807) Visitor Counter : 97