প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ইণ্ডিয়ান এছোচিয়েশ্যন অব ফিজিঅ’থেৰাপিষ্ট’-ৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে


“আপোনালোক আশা, নমনীয়তা তথা পুনৰুদ্ধাৰৰ প্ৰতীক”

“আপোনালোকৰ পেছাদাৰিত্বই মোক অনুপ্ৰাণিত কৰে”

“প্ৰয়োজন হওতাক সহায় আগবঢ়োৱা আৰু স্থিৰতা, ধাৰবাহিকতা তথা দৃঢ়তাৰ মনোভাৱ শাসনতো বিয়পি আছে”

“চৰকাৰে ‘ৰাষ্ট্ৰীয় সহযোগী স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ বিধেয়ক’ উথ্থাপন কৰাৰ বাবে পেছা হিচাপে ‘ফিজিঅ’থেৰাপিষ্ট’সকলে বহু প্ৰতীক্ষিত স্বীকৃতি লাভ কৰিলে”

“ৰাইজক উচিত ভংগী, উচিত অভ্যাস, উচিত ব্যায়মৰ বিষয়ে শিক্ষিত কৰক”

“এগৰাকী ‘ফিজিঅ’থেৰাপিষ্ট’ৰ সৈতে যেতিয়া ‘যোগ’ৰ পাৰদৰ্শিতা একত্ৰিত হয়, ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পায়”

“তুৰস্কৰ ভূমিকম্পৰ দৰে পৰিস্থিতিত ‘ফিজিঅ’থেৰাপিষ্ট’-য়ে আগবঢ়োৱা ভিডিঅ’ পৰামৰ্শ উপযোগী হ’ব পাৰে”

“মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰত ‘ফিট’ হোৱাৰ লগতে ‘ছুপাৰ হিট’-ও হ’ব”

Posted On: 11 FEB 2023 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত অনুষ্ঠিত ‘ইণ্ডিয়ান এছ'চিয়েশ্যন অব ফিজিঅ'থেৰাপিষ্ট’ (আইএপি)ৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ‘আশা’, ‘নমনীয়তা’ আৰু ‘পুনৰুদ্ধাৰ’ৰ প্ৰতীক হিচাপে ‘ফিজিঅ'থেৰাপিষ্ট’সকলৰ গুৰুত্বৰ কথা স্বীকাৰ কৰে। তেওঁ কয়, “এজন ‘ফিজিঅ'থেৰাপিষ্টে’ কেৱল শাৰীৰিক আঘাতৰ চিকিৎসাই নকৰে, বৰঞ্চ ৰোগীক মানসিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সাহসো দিয়ে”।

প্ৰধানমন্ত্ৰীয়ে ‘ফিজিঅ'থেৰাপিষ্ট’ বৃত্তিৰ পেছাদাৰিত্বৰ প্ৰশংসা কৰাৰ লগতে কেনেকৈ প্ৰয়োজনীয়তাৰ সময়ত ভুক্তভোগীসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ একেই মনোভাৱ শাসনতো বিয়পি থকে তাৰো ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে বেংক একাউণ্ট, শৌচালয়, নলৰ পানী, বিনামূলীয়া চিকিৎসা আৰু সামাজিক সুৰক্ষাৰ জাল সৃষ্টিৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহৰ সহায়ত দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে সপোন দেখিবলৈ সাহস কৰিব পৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "সম্ভাৱনাসমূহৰ জৰিয়তে তেওঁলোক যে নতুন উচ্চতাত উপনীত হ'বলৈ সক্ষম সেই কথা আমি বিশ্বক দেখুৱাইছো।"

তেওঁ ৰোগীৰ আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ‘ফিজিঅ’থেৰাপিষ্ট’ বৃত্তিটোৰ বিশেষত্ববোৰৰ প্ৰসংগ উল্লখে কৰি কয় যে ভাৰতেও একেদৰেই ‘আত্মনিৰ্ভৰতা’ৰ দিশে আগবাঢ়িছে। এই বৃত্তিটোৱেও প্ৰতীকী ৰূপত 'সবকা প্ৰয়াস'কে প্ৰতীয়মান কৰি আহিছে, কিয়নো ৰোগী আৰু চিকিৎসক দুয়োজনেই সমস্যাটোৰ ওপৰত কাম কৰিব লগীয়া হয় আৰু এই কথাটোৱেই ‘স্বচ্ছ ভাৰত’ আৰু ‘বেটি বচাও’ৰ দৰে বহুতো আঁচনি আৰু জন আন্দোলনতো প্ৰতিফলিত হয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘স্থিৰতা’, ‘ধাৰাবাহিকতা’ আৰু ‘দৃঢ়তা’ৰ দৰে বহুতো গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰা ‘ফিজিঅ'থেৰাপী’ৰ মনোভাৱ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে এনেবোৰ কথা শাসনৰ নীতিৰ বাবেও গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱত ফিজিঅ'থেৰাপিষ্টসকলে পেছা হিচাপে বহু প্ৰতীক্ষিত স্বীকৃতি লাভ কৰিছে কিয়নো চৰকাৰে ৰাষ্ট্ৰীয় সহযোগী আৰু স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ বিধেয়ক উথ্থাপন কৰিছিল, যিয়ে দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাত ফিজিঅ'থেৰাপিষ্টসকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰিছে। "ইয়াৰ ফলত আপোনালোক সকলোৰে বাবে ভাৰতৰ লগতে বিদেশতো কাম কৰাটো সহজ হৈ উঠিছে। চৰকাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন নেটৱৰ্কত ফিজিঅ'থেৰাপিষ্টকো সংযুক্ত কৰিছে। ইয়াৰ ফলত আপোনালোক ৰোগীসকলৰ ওচৰলৈ যোৱাটো সহজ হৈ পৰিছে" বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ফিট ইণ্ডিয়া মুভমেণ্ট আৰু খেলো ইণ্ডিয়াৰ দৰে পৰিৱেশত ফিজিঅ'থেৰাপিষ্টসকলৰ বাবে বৰ্ধিত সুযোগ ওলোৱাৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘ফিজিঅ'থেৰাপিষ্ট’সকলক উচিত ভঙ্গী, উচিত অভ্যাস, উচিত ব্যায়ামৰ বিষয়ে ৰাইজক শিক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়। "মানুহে ফিটনেছ সম্পৰ্কে সঠিক পদ্ধতি অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ কথা। আপোনালোকে প্ৰবন্ধ আৰু বক্তৃতাৰ জৰিয়তে এইটো কাম কৰিব পাৰে। আৰু মোৰ যুৱ বন্ধুসকলে আনকি ‘ৰিল’ৰ জৰিয়তেও এয়া সম্ভৱ কৰিব পাৰে", তেওঁ কয়।

‘ফিজিঅ'থেৰাপী’ সন্দৰ্ভত ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এয়া মোৰ অভিজ্ঞতা যে যেতিয়া ‘যোগ’ৰ দক্ষতা এজন ফিজিঅ'থেৰাপিষ্টৰ সৈতে একত্ৰিত কৰা হয়, তেতিয়া ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পায়। শৰীৰৰ সচৰাচৰ সমস্যাসমূহৰ বাবে প্ৰায়ে ‘ফিজিঅ'থেৰাপী’ৰ প্ৰয়োজন হয়, কেতিয়াবা ‘যোগ’ৰ জৰিয়তেও সমাধান সম্ভৱ হয়। সেইকাৰণে আপোনালোকে ‘ফিজিঅ'থেৰাপী’ৰ লগতে ‘যোগো’ জানিব লাগিব। ই আপোনালোকৰ পেছাদাৰী শক্তি বৃদ্ধি কৰিব।"

‘ফিজিঅ'থেৰাপী’ বৃত্তিটো যিহেতু বহু পৰিমাণে জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে সম্পৰ্কিত, প্ৰধানমন্ত্ৰীয়ে সেয়ে অভিজ্ঞতা আহৰণ আৰু ‘ছফ্ট স্কিল’ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ‘শৈক্ষিক কাকত’ আৰু উপস্থাপন আদিৰ জৰিয়তে সেইবোৰ নথিভুক্ত কৰি বিশ্বৰ আগত উপস্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

শ্ৰী মোদীয়ে এই সন্দৰ্ভ ভিডিঅ' পৰামৰ্শ আৰু টেলি-মেডিচিনৰ দৰে ব্যৱস্থা বিকশিত কৰিবলৈও অনুৰোধ জনায়। তেওঁ কয় যে তুৰস্কৰ ভূমিকম্পৰ দৰে পৰিস্থিতিত এনেধৰণৰ দূৰ-সংযোগী পৰামৰ্শবোৰ খুবেই উপযোগী হ'ব পাৰে, য'ত বৃহৎ সংখ্যক ফিজিঅ'থেৰাপিষ্টৰ প্ৰয়োজন আৰু ভাৰতীয় ফিজিঅ'থেৰাপিষ্টসকলে মোবাইল ফোনৰ জৰিয়তে সহায় আগবঢ়াব পাৰে আৰু ফিজিঅ'থেৰাপিষ্ট এছ'চিয়েশ্যনক এই দিশত চিন্তা কৰিবলৈ তেওঁ আহ্বান জনায়। "মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকৰ দৰে বিশেষজ্ঞৰ নেতৃত্বত ভাৰত ফিট হোৱাৰ লগতে ছুপাৰ হিট-ও হ'ব" বুলি  প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

 

***

DS/KB



(Release ID: 1898709) Visitor Counter : 122