প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী কে বিশ্বনাথৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 FEB 2023 11:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী কে বিশ্বনাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শোক প্ৰকাশ কৰি কয় -
"শ্ৰী কে বিশ্বনাথগুৰুৰ মৃত্যুত মই ব্যথিত। তেওঁ চিনেমা জগতৰ এজন নিপুণ কাৰিকৰ আছিল আৰু এজন সৃষ্টিশীল আৰু বহুমুখী পৰিচালক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহত বিভিন্ন ৰসৰ সমাহাৰ ঘটিছিল। তেওঁ কেবাদশক ধৰি দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা যাছিলোঁ। ঔঁম শান্তি।"
***
DS/ST
(ৰিলিজ আই ডি : 1898697)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam