প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তুৰস্কত হোৱা ভূমিকম্পত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
06 FEB 2023 12:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰস্কত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱা আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।
তুৰস্কৰ ৰাষ্ট্ৰপতিৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
"তুৰস্কত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱা সকলৰ লগতে দুৰ্ঘটনাটোত হোৱা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে দুখিত। নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। দুৰ্যোগৰ এই মুহূৰ্তত ভাৰতে তুৰস্কৰ জনসাধাৰণৰ কাষত সহমৰ্মিতাৰে থিয় দিয়াৰ লগতে এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু হৈ আছে।"
https://t.co/vYYJWiEjDQ
— Narendra Modi (@narendramodi) February 6, 2023
***
DS/SH/KB
(रिलीज़ आईडी: 1896960)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam