প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ
Posted On:
26 JAN 2023 9:02PM by PIB Guwahati
ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবেবিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ধন্যবাদ প্ৰধানমন্ত্ৰী @AlboMP। অষ্ট্ৰেলিয়া দিৱসত আপোনাক আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বপূৰ্ণ জনসাধাৰণলৈ শুভেচ্ছা জনাইছো।"
নেপালৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ @cmprachandaji!"
ভূটানৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"উষ্ম শুভেচ্ছাৰ বাবে @PMBhutanড° লোটাই শ্বেৰিঙকঅশেষ ধন্যবাদ! আমাৰ দুয়োখনদেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ভাৰতে ভূটানৰ সৈতে নিজৰ অনন্য অংশীদাৰিত্বক লৈ প্ৰতিশ্ৰুতিবদ্ধ।"
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনাৰ উষ্ম অভিবাদনৰ বাবে ধন্যবাদ, ৰাষ্ট্ৰপতি @ibusolih। ভাৰত-মালদ্বীপৰ অংশীদাৰিত্বই লাভ কৰা স্থায়ী অগ্ৰগতি দেখি মই আনন্দিত হৈছো, যিটো উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধৰ আধাৰত স্থাপিত।"
ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰতৰ গণতন্ত্ৰ দিৱসত আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে অশেষ ধন্যবাদ প্ৰধানমন্ত্ৰী@netanyahu। আমাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।"
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰতৰ গণতন্ত্ৰ দিৱসত উষ্ম অভিবাদন জনোৱাৰ বাবে মোৰ প্ৰিয় বন্ধু @EmmanuelMacronৰ ওচৰতআমি কৃতজ্ঞ। ভাৰতৰ জি-২০ সভাপতিত্বআৰুভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰীয়া জয়ন্তীৰ সফলতাৰ বাবে একেলগে কাম কৰাৰ আপোনাৰ প্ৰতিশ্ৰুতিৰ অংশীদাৰ। ভাৰত আৰু ফ্ৰান্স একেলগে বিশ্বৰ মংগলৰ বাবে এক শক্তি।"
মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ধন্যবাদ, PM @KumarJugnauth। আধুনিক গণতন্ত্ৰ হিচাপে আমাৰ ভাগ কৰা যাত্ৰাত আমাৰ দুয়োখন দেশে জনকেন্দ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে অংশীদাৰিত্ব কৰি আহিছে।"
মৰিচাছৰ সৈতে আমাৰ মৰমৰ অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যাবলৈ আমি আগ্ৰহী।"
***
DS/SH/MS
(Release ID: 1894615)
Visitor Counter : 158
Read this release in:
Urdu
,
Kannada
,
English
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam