মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

ৰাষ্ট্ৰপতিয়ে ছটা শ্ৰেণীত অসাধাৰণ প্ৰাপ্তি আহৰণ কৰা ১১টি শিশুক কাইলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৩ প্ৰদান কৰিব


প্ৰধানমন্ত্ৰীয়ে ২৪ জানুৱাৰীত পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়েও ৰাজ্য মন্ত্ৰী ডঃ মুঞ্জপাৰা মহেন্দ্ৰভাইৰ উপস্থিতিত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু তেওঁলোকক অভিনন্দন জনাব

পুৰস্কাৰ পোৱাসকলৰ মাজত ১১খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশৰ ৬জন ল'ৰা আৰু ৫গৰাকী ছোৱালী অন্তৰ্ভুক্ত আছে

পিএমআৰবিপিৰ প্ৰত্যেক পুৰস্কাৰ বিজেতাক একোটা পদক, ১ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু একোখন প্ৰমাণপত্ৰ দিয়া হ'ব

Posted On: 22 JAN 2023 10:48AM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ অৰ্থাৎ ২৩ জানুৱাৰী, ২০২৩ত বিজ্ঞান ভৱনত পুৰস্কাৰ বিতৰণ সমাৰোহত ১১টি অসাধাৰণ শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৩ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জানুৱাৰী, ২০২৩ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব।

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে ২৪ জানুৱাৰী, ২০২৩ত ৰাজ্য মন্ত্ৰী ডঃ মুঞ্জপাৰা মহেন্দ্ৰভাইৰ উপস্থিতিত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু তেওঁলোকক তেওঁলোকৰ সংশ্লিষ্ট শ্ৰেণীত অনুকৰণীয় প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাব।

ভাৰত চৰকাৰে শিশুসকলক তেওঁলোকৰ অসাধাৰণ প্ৰাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰদান কৰে। এই পুৰস্কাৰ ৫ৰ পৰা ১৮ বছৰৰ বয়সৰ শিশুক ছটা শ্ৰেণী- কলা আৰু সংস্কৃতি, সাহসিকতা, নৱোন্মেষণ, শৈক্ষিক, সামাজিক সেৱা আৰু ক্ৰীড়াত তেওঁলোকৰ উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হয়, যি ৰাষ্ট্ৰীয় মান্যতাৰ যোগ্য। পিএমআৰবিপিৰ প্ৰত্যেক পুৰস্কাৰ বিজেতাক একোটাকৈ পদক, একলাখ টকাৰ নগদ পুৰস্কাৰ আৰু একোখন প্ৰমাণপত্ৰ দিয়া হয়।

এই বছৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দেশৰ সকলো ক্ষেত্ৰৰ পৰা নিৰ্বাচিত ১১টি শিশুক কলা আৰু সংস্কৃতি (৪), সাহসিকতা (১),  নৱোন্মেষণ (২), সমাজ সেৱা (১), আৰু ক্ৰীড়া (৩)ৰ ক্ষেত্ৰত তেওঁলোকৰ অসাধাৰণ প্ৰাপ্তিৰ বাবে প্ৰদান কৰা হ'ব।

 

 ***

SS/RKM



(Release ID: 1892965) Visitor Counter : 126