স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সভাপতিত্ব ‘জি-২০’


কেৰালাৰ তিৰুৱনন্তপুৰমত ১৮-২০ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘প্ৰথম জি-২০ স্বাস্থ্য কাৰ্যকাৰিনী গোটৰ বেঠক’

Posted On: 16 JAN 2023 2:16PM by PIB Guwahati

ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ৰ স্বাস্থ্য কা্যকাৰিনী গোটৰ প্ৰথমখন বৈঠক অহা ১৮ৰ পৰা ২০ জানুৱাৰী, ২০২৩লৈ কেৰালাৰ তিৰুৱন্তপুৰমত অনুষ্ঠিত হ'ব। সাফল্যৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ভাৰতে যোৱা ১ ডিচেম্বৰ, ২০২২ তাৰিখে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিছিল। ভাৰত এতিয়া তিনিখন উন্নয়নশীল আৰু উদীয়মান অৰ্থনীতিৰ দেশে গঠন কৰা জি-২০ ট্ৰইকাৰ অংশীদাৰ দেশ। প্ৰথমবাৰৰ বাবে গঠিত এই ট্ৰইকাত থকা আন দুখন দেশ হৈছে ইন্দোনেছিয়া আৰু ব্ৰাজিল।

জি-২০ৰ সভাপতিত্ব সন্দৰ্ভত মন্তব্য কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, এই ভূমিকা অন্তৰ্ভুক্তিমূলক, কাৰ্যমুখী আৰু নিৰ্ণায়ক হ'ব। এই সন্মিলনৰ প্ৰতিপাদ্য বিষয়বস্তু: 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত' উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাৰতৰ 'বসুধৈৱ কুটুম্বকম' দৰ্শনৰ সংপৃক্ত হৈ আছে বুলিও উল্লেখ কৰিছিল। মহামাৰীৰ পিছৰ পৰিস্থিতিত এক স্বাস্থ্যকৰসন্মত পৃথিৱী গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাৰ বাবে পৃথিৱীক আহ্বান জনোৱা হৈছিল।

ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ৰ স্বাস্থ্য শিতানত ‘স্বাস্থ্য কৰাৰ্যকাৰিনী গোট’ (এইচডব্লিউজি)ৰ চাৰিখন বৈঠক আৰু এখন ‘স্বাস্থ্য মন্ত্ৰালয়ৰ বৈঠক’ (এইচএমএম) অন্তৰ্ভুক্ত থাকিব। তিৰুৱন্তপুৰম (কেৰালা), গোৱা,  হায়দৰাবাদ (তেলেংগানা) আৰু গান্ধীনগৰ (গুজৰাট)কে ধৰি দেশৰ বিভিন্ন স্থানত বৈঠকসমূহ অনুষ্ঠিত হ'ব। ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰদৰ্শনৰ কৰিবলৈ পদক্ষেপ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান সন্দৰ্ভত বিশেষ গুৰুত্ব দিয়া হৈছে।

ভাৰতে জি-২০ৰ আলোচনাসমূহক সমৃদ্ধ, পৰিপূৰক আৰু সহযোগিতা আগবঢ়াব পৰাকৈ প্ৰতিখন ‘এইচডব্লিউজি’ বৈঠকৰ সৈতে সংগতি ৰাখি একোলানি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত আছে চিকিৎসা-প্ৰমূল্য ভ্ৰমণ আৰু ডিজিটেল স্বাস্থ্যৰ পাৰ্শ্ব অনুষ্ঠান; ঔষধ, ৰোগ নিৰ্ণয় আৰু প্ৰতিষেধকৰ  সহযোগিতামূলক গৱেষণা সম্পৰ্কীয় এক কৰ্মশালা; আৰু ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ এক ‘কো-ব্ৰেণ্ডেড’ অনুষ্ঠান। চিকিৎসা প্ৰমূল্য ভ্ৰমণ সম্পৰ্কীয় অনুষ্ঠানটো তিৰুৱন্তপুৰমত ১৮ৰ পৰা ২০ জানুৱাৰী ২০২৩ তাৰিখে ‘এইচডব্লিউজি’ৰ প্ৰথম বৈঠকৰ সময়ত অনুষ্ঠিত হ'ব।

জি-২০ৰ অধ্যক্ষ হিচাপে, ভাৰতে পূৰ্বৰ সন্মিলনসমূহে গ্ৰহণ কৰা স্বা্স্থ্য সম্পৰ্কীয় প্ৰথমিকতাসমূহক অগ্ৰাধিকাৰ দিয়াৰ লগতে সেইসমূহক একত্ৰিত কৰাৰ উপৰি শক্তিশালী কৰাৰ প্ৰয়োজন থকা গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে স্বাস্থ্য সহযোগিতাত নিয়োজিত হোৱাৰ বাবে বিভিন্ন বহুপাক্ষিক আলোচনাত মিলিত হোৱা আৰু সমন্বিত পদক্ষেপ গ্ৰহণৰ কৰাৰো লক্ষ্য গ্ৰহণ কৰিছে। ইয়াৰ বাবে, ভাৰতে ‘জি-২০ হেল্থ ট্ৰেক’ৰ বাবে নিম্নলিখিত তিনিটা অগ্ৰাধিকাৰ চিনাক্ত কৰিছে:

প্ৰাথমিকতা ১: স্বাস্থ্য জৰুৰীকালীন প্ৰতিৰোধ,  প্ৰস্তুতি  আৰু  সঁহাৰি জনোৱা(এক স্বাস্থ্য আৰু ‘এএমআৰ’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি)

 

অগ্ৰাধিকাৰ ২: সুৰক্ষিত, প্ৰভাৱশালী, মানসম্পন্ন আৰু সুলভ চিকিৎসা প্ৰতিৰোধ গঢ়াৰ ক্ষেত্ৰত প্ৰৱেশাধিকাৰ আৰু উপলব্ধতাত গুৰুত্ব দি ফাৰ্মাচিউটিকেল খণ্ডক শক্তিশালী কৰিবলৈ সহযোগিতা আগবঢ়োৱা (প্ৰতিষেধক, থেৰাপিউটিক্স আৰু ডায়গনষ্টিকছ)

 

প্ৰাথমিকতা ৩: স্বাস্থ্য সন্দৰ্ভত ডিজিটেল উদ্ভাৱন আৰু সাৰ্বজনীন স্বাস্থ্যসেৱাত সহায় কৰিবলৈ আৰু স্বাস্থ্যসেৱা প্ৰদানৰ মান উন্নত কৰাৰ বাবে সমাধানসূত্ৰ উদ্ভাৱন কৰা

 

‘এইচডব্লিউজি’ৰ সভাসমূহত উপৰোক্ত প্ৰাথমিকতাসমূহৰে সম্পৰ্কিত বিষয়সমূহৰ আলোচনা অনুষ্ঠিত হ'ব। বৈঠকত জি-২০ৰ সদস্য দেশসমূহৰ প্ৰতিনিধি, বিশেষ আমন্ত্ৰিত দেশ আৰু প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকিব।

***


MV/KB



(Release ID: 1891711) Visitor Counter : 721