তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দেশৰ টিভি চেনেলসমূহক বিচলিত কৰিব পৰা ফুটেজ আৰু দৃষ্টিকটু-বেদনাদায়ক ছবি সম্প্ৰচাৰ নকৰিবলৈ সতৰ্কবাণী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ


ৰক্তাক্ত ছবি, মৃতদেহ, শাৰীৰিক আক্ৰমণৰ ছবিবোৰ সদায়ে বেদনাদায়ক আৰু প্ৰ'গ্ৰাম কোডৰ বিপৰীতে

চেনেলসমূহৰ দ্বাৰা ছ'চিয়েল মিডিয়াৰ পৰা লোৱা হিংসাত্মক ভিডিঅ'বোৰত কোনো সম্পাদনা কৰা হোৱা নাই

টেলিভিছনৰ প্ৰতিবেদনবোৰে শিশুৰ ওপৰত মানসিক প্ৰভাৱ পেলায়, লগতে ভুক্তভোগীৰ গোপনীয়তা ভঙ্গও কৰে

Posted On: 09 JAN 2023 2:38PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি দেশৰ সকলো টেলিভিছন চেনেলক মহিলা, শিশু আৰু বৃদ্ধসকলক বিচলিত কৰিব পৰা দুৰ্ঘটনা, মৃত্যু আৰু হিংসাকে ধৰি বিভিন্ন হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিয়াৰ ক্ষেত্ৰত এক তীক্ষ্ণ সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰিছে। যিবোৰ সঁচাকৈয়ে অৰুচিকৰ আৰু অশোভনীয়। টেলিভিশ্যন চেনেলসমূহে কৰা কেবাটাও অবিবেচকী কাণ্ডৰ পিছত মন্ত্ৰালয়ে বাধ্য হৈ এই পৰামৰ্শাৱলী জাৰি কৰে।

মন্ত্ৰালয়ে কয় যে টেলিভিশ্যন চেনেলবোৰে বাৰম্বাৰ মৃতদেহ, ৰক্তাক্ত দেহ, আহত লোকৰ ঘাঁ, মহিলা, শিশু আৰু বৃদ্ধৰ উপৰিও নিৰ্মমভাৱে প্ৰহাৰ কৰা লোকৰ ভিডিঅ’, শিশুএটাক এগৰাকী শিক্ষকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ছবি/ভিডিঅ' ব্লাৰ নকৰাকৈ, দূৰৈৰ পৰা নেদেখুৱাকৈ প্ৰচাৰ কৰিছে, বৰঞ্চ সেইবোৰ শ্বট অধিক ক্লোজ-আপ কৰি ঘটনাৰ ভয়ংকৰ অংশ বাৰম্বাৰ বহু সময় ধৰি দেখুৱাই দেখুৱাই অধিক ভয়াবহ কৰিহে তুলিছে। এই কথাও পোহৰলৈ আহিছে যে এনে ধৰণৰ ঘটনাৰ প্ৰতিবেদন প্ৰচাৰ কৰাৰ এই পদ্ধতিটোৱে দৰ্শকৰ বাবে অধিক অৰুচিকৰ হৈ পৰিছে আৰু ই তেওঁলোকক বিচলিত কৰে।

এই পৰামৰ্শটোত বিভিন্ন দৰ্শকৰ মনত এনেধৰণৰ ৰিপ’ৰ্টিঙে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেই সম্পৰ্কেও আলোকপাত কৰা হৈছে। ইয়াত কোৱা হৈছে যে এনেধৰণৰ বাতৰিয়ে শিশুসকলৰ মনতো বিৰূপ মনোবৈজ্ঞানিক প্ৰভাৱ পেলায়। এই বাতৰিবোৰত ব্যক্তিগত গোপনীয়তা ভঙ্গৰ এক গুৰুত্বপূৰ্ণ দিশো পৰামৰ্শাৱলীত সামৰি লোৱা হৈছে, যিবোৰ নিসন্দেহে নিন্দনীয় আৰু মানহানিকাৰক। সাধাৰণতে একোটা পৰিয়ালত বিভিন্ন বয়সৰ লোক থাকে আৰপ তাৰ লগতে সমাজৰ বিভিন্ন সামাজিক-অৰ্থনৈতিক শ্ৰেণীৰ লোকো থাকে, আৰু সকলোৱেই টেলিভিশ্যন একেলগেই উপভোগ কৰে, টেলিভিশ্যনে তেওঁলোকৰ মনত ক্ৰিয়া কৰে। সেয়েহে প্ৰচাৰকসকলে দায়বদ্ধতাৰে আৰু অনুশাসনেৰে অনুষ্ঠান প্ৰচাৰ কৰিব লাগে, যাক প্ৰ’গ্ৰাম কোড আৰু বিজ্ঞাপন কোডত সন্নিৱিষ্ট কৰা হৈছে।

মন্ত্ৰালয়ে লক্ষ্য কৰিছে যে বেছিভাগ ক্ষেত্ৰতে, ভিডিঅ'বোৰ সামাজিক মাধ্যমৰ পৰা লোৱা হৈছে আৰু প্ৰ’গ্ৰাম কোডৰ অনুপালন আৰু ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সম্পাদকীয় বিবেচনা আৰু সংশোধন অবিহনেই প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ সম্প্ৰচাৰিত হোৱা এনে অনুষঅঠানৰ উদাহৰণৰ এখন তালিকা তলত দিয়া হৈছে:

১. ৩০ ডিচেম্বৰ ২০২২ তাৰিখে দুৰ্ঘটনাত আহত এজন ক্ৰিকেটাৰৰ মৰ্মান্তিক ছবি আৰু ভিডিঅ' ব্লাৰ নকৰাকৈ দেখুওৱা হৈছিল।

২. ২৮ আগষ্ট ২০২২ তাৰিখে, এজন ব্যক্তিয়ে গুৰুতৰভাৱে আহত এগৰাকী লোকৰ ৰক্তাক্ত শৰীৰটো টানি নিছিল আৰু চাৰিওফালে তেজ বিয়পি পৰিছিল আৰু ভুক্তভোগীৰ মুখক কেন্দ্ৰ কৰি এটা মৰ্মান্তিক ফুটেজ দেখুওৱা হৈছিল।

৩. ০৬ জুলাই ২০২২ তাৰিখে সংঘটিত এক শোকাৱহ ঘটনাত এজন শিক্ষকে বিহাৰৰ পাটনাত এটা শ্ৰেণীকোঠাত এজন পাঁচ বছৰীয়া শিশুক অচেতন হৈ পৰি নোযোৱা পৰ্যন্ত নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা যায়। ক্লিপটো মিউটিং নকৰাকৈ বজোৱা হৈছিল য'ত শিশুটোৱে ক্ষমা ভিক্ষা কৰাৰ বেদনাদায়ক চিঞৰ শুনা গৈছে আৰু সেয়া০৯ মিনিটতকৈ অধিক সময় দেখুওৱা হৈছে।

৪. ০৪ জুন ২০২২ তাৰিখে এজন পাঞ্জাৱী গায়কৰ মৃতদেহৰ মৰ্মান্তিক দৃশ্য ব্লাৰ নকৰাকৈ দেখুওৱা হৈছিল।

৫. ২৫ মে’ ২০২২ তাৰিখে অসমৰ চিৰাং জিলাত দুজন নাবালক ল'ৰাক এজন ব্যক্তিয়ে লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এক হৃদয়স্পৰ্শী ঘটনা দেখুওৱা হৈছিল। ভিডিঅ'টোত, মানুহ এজনে ল'ৰা দুজনক লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে। ক্লিপটো ব্লাৰ নকৰাকৈ আৰু শব্দ নাইকিয়া নকৰাকৈয়ে বজোৱা হৈছিল, য'ত ল'ৰাদুটাৰ কান্দোনৰ মৰ্মান্তিক শব্দ স্পষ্টভাৱে শুনা গৈছে।

৬. ১৬ মে’ ২০২২ তাৰিখে, কৰ্ণাটকৰ বাগালকোট জিলাত এগৰাকী মহিলা অধিবক্তাৰ ওপৰত তেওঁৰ চুবুৰীয়াই নিৰ্মমভাৱে আক্ৰমণ কৰিছিল, যাক সম্পাদনা নকৰাকৈ একেৰাহে দেখুওৱা হৈছিল।

৭. ০৪ মে’ ২০২২ তাৰিখে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ ৰাজাপালায়ামত এজন ব্যক্তিয়ে তেওঁৰ নিজৰ ভগ্নীক হত্যা কৰা দেখুওৱা হৈছে।

৮.০১ মে’ ২০২২ তাৰিখে ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ গছত ওলোটাকৈ ওলোমাই থোৱা পাঁচজন লোকে এজন লোকে লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা দেখুওৱা হৈছিল।

৯. ১২ এপ্ৰিল ২০২২ তাৰিখে সংঘটিত দুৰ্ঘটনাত পাঁচটা শৰীৰৰ বেদনাদায়ক দৃশ্য বোৰ নিৰন্তৰভাৱে ব্লাৰ নকৰাকৈয়ে দেখুওৱা হৈছিল।

১০. ১১ এপ্ৰিল ২০২২ তাৰিখে সংঘটিত এটা ঘটনাত দেখা গৈছিল যে কেৰালাৰ কোল্লামত এজন ব্যক্তিয়ে প্ৰায় ১২ মিনিট ধৰি তেওঁৰ ৮৪ বছৰীয়া মাতৃক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল, টানি নিছিল আৰু একেৰাহে প্ৰহাৰ কৰিছিল, আৰু সেইবোৰ দৃশ্য ব্লাৰ নকৰাকৈ প্ৰচাৰ কৰা হৈছিল।

১১. ০৭ এপ্ৰিল ২০২২ তাৰিখে, বাংগালুৰুৰ এজন বৃদ্ধ ব্যক্তিয়ে তেওঁৰ পুত্ৰক জুই লগোৱাৰ এক অত্যন্ত স্পৰ্শকাতৰ দৃশ্য দেখুওৱা হৈছিল। এজন বৃদ্ধ ব্যক্তিয়ে এটা দিয়াশলাইৰ কাঠি জ্বলাই তেওঁৰ পুত্ৰৰ ফালে দলিয়াই দিয়াৰ অসম্পাদিত দৃশ্যবাৰে বাৰে প্ৰচাৰিত হৈছিল।

১২. ২২ মাৰ্চ ২০২২ তাৰিখে অসমৰ মৰিগাঁও জিলাত এগৰাকী ১৪ বছৰীয়া নাবালক ল’ৰাক মাৰপিট কৰাৰ এটা ভিডিঅ' ব্লাৰ নকৰাকৈআৰু মিউটিং নকৰাকৈয়ে বজোৱা হৈছিল, য'ত লৰাটোক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ সময়ত কান্দি থকা শুনা যায়।

এনে সম্প্ৰচাৰৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি আৰু বৃদ্ধ, মহিলা আৰু শিশুকে ধৰি দূৰদৰ্শন চেনেলসমূহৰ অন্যান্য সকলো দৰ্শকৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি, মন্ত্ৰালয়ে সকলো ব্যক্তিগত টেলিভিশ্যন চেনেলক তেওঁলোকৰ প্ৰণালী আৰু মৃত্যুকে ধৰি অপৰাধ সংক্ৰান্তীয় বাতৰি পৰিৱেশন কৰোতে সাৱধান হ’বৰ বাবে কঠোৰভাৱে পৰামৰ্শ দিছে। লগতে দুৰ্ঘটনা আৰু হিংসাৰ ঘটনাৰ প্ৰতিবেদন দিয়াৰ পদ্ধতিবোৰ প্ৰ'গ্ৰাম কোড অনুসৰি কৰাৰো নিৰ্দেশ দিছে।

সবিশেষ জানিবৰ বাবে ইয়াত ক্লিক কৰক

***

Saurabh Singh



(Release ID: 1889934) Visitor Counter : 112