পোষ্ট কৰা হৈছে:
02 JAN 2023 9:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএমএমএল ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰে য’ত তেওঁ যুৱক-যুৱতীসকলৰ মাজত গৱেষণা, পাণ্ডিত্যক উৎসাহিত কৰা আৰু ইতিহাসক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ক অধিক জনপ্ৰিয় কৰি তোলাৰ বিষয়েও আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“এনএমএমএল ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰিলো৷ যুৱক-যুৱতীসকলৰ মাজত গৱেষণা, পাণ্ডিত্যক উৎসাহিত কৰা আৰু ইতিহাসক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰো৷ যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ক অধিক জনপ্ৰিয় কৰি তোলাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰো৷”
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1888097
***
DS/TS/DB