কেবিনেট

দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰচাৰিবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে গোৱাৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক ‘মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মোপা, গোৱা’ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Posted On: 04 JAN 2023 4:10PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মোপা, গোৱাৰ নাম সলনি কৰি ‘মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-মোপা, গোৱা’ বুলি অনুমোদন জনাইছে। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আৰু গোৱাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ পাৰিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিমানবন্দৰটোৰ নাম সলনি কৰা হৈছে।

ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে গোৱাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মোপা, গোৱাক 'মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ– মোপা, গোৱা' হিচাপে পুনৰ নামকৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।

গোৱাৰ মোপাত থকা গ্ৰীণফিল্ড বিমানবন্দৰটো ২০২২ চনৰ ডিচেম্বৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছে। আধুনিক গোৱা গঢ়ি তোলাত পাৰিকৰৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিমানবন্দৰটোৰ নাম প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী স্বৰ্গীয় ড০ মনোহৰ পাৰিকাৰৰ নামেৰে ৰখা হৈছে।

 

***

DS/MS



(Release ID: 1888907) Visitor Counter : 77