বিত্ত মন্ত্ৰালয়
কাইলৈ বেংগালুৰুত অনুষ্ঠিত হ'ব জি-২০ অধ্যক্ষতাৰ অধীনত প্ৰথমখন বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ উপ-বৈঠক
জি-২০ প্ৰক্ৰিয়াৰ মূল দিশ হ’ল বিত্তীয় পথ আৰু বিশ্বব্যাপী অৰ্থনৈতিক আলোচনা আৰু নীতি সমন্বয়ৰ বাবে এক কাৰ্যকৰী মঞ্চ প্ৰদান কৰে
প্ৰায় ৪০ খন বৈঠকৰ জৰিয়তে ভাৰতে "গ্ল’বেল চাউথ"ৰ কাযতঃ চেম্পিয়ন হ'ব, "একতা" প্ৰচাৰ তথা সহযোগিতামূলক কাৰ্য্যৰ দিশত গুৰুত্ব দিয়া হ’ব
ভাৰতে "বসুধৈৱ কুটুম্বকম" বিষয়ৰ জৰিয়তে বিশ্বব্যাপী অগ্ৰাধিকাৰৰ ওপৰত এক উমৈহতীয়া পথ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
Posted On:
11 DEC 2022 12:00PM by PIB Guwahati
প্ৰথম জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটিজ (এফচিবিডি) বৈঠক ১৩-১৫ ডিচেম্বৰ ২০২২ তাৰিখে বেংগালুৰুত অনুষ্ঠিত হ'ব। ভাৰতীয় জি-২০ অধ্যক্ষতাৰ অধীনত ফাইনেন্স ট্ৰেক কাৰ্যসূচীৰ ওপৰত আলোচনা আৰম্ভ হ'বলগীয়া এই বৈঠকখন বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে যুটীয়াভাৱে আয়োজন কৰিব।
জি-২০ দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ নেতৃত্বত জি-২০ বিত্তীয় ট্ৰেকত অৰ্থনৈতিক আৰু বিত্তীয় বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ই বিশ্বব্যাপী অৰ্থনৈতিক আলোচনা আৰু নীতি সমন্বয়ৰ বাবে এক ফলপ্ৰসূ মঞ্চ প্ৰদান কৰিছে। বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠক ২০২৩ চনৰ ২৩-২৫ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ'ব।
মাননীয় প্ৰধানমন্ত্ৰীয়ে বালি জি-২০ সন্মিলনত ভাষণত এইবুলি উল্লেখ কৰে যে আজিৰ প্ৰয়োজনীয়তা হৈছে যে উন্নয়নৰ লাভালাভসমূহ সাৰ্বজনীন আৰু ই সৰ্বাত্মক। বিত্ত মন্ত্ৰালয়ে এই ধাৰণাটো জি-২০ ফাইনেন্স ট্ৰেক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে। তেওঁ আমাক এনে এক দৃষ্টিভংগী প্ৰদান কৰিছে যে জি-২০ য়ে নতুন ধাৰণা কল্পনা কৰিবলৈ আৰু পৰৱৰ্তী এবছৰত সামূহিক কাৰ্যকলাপ ত্বৰান্বিত কৰিবলৈ এক বিশ্বব্যাপী "মুখ্য অনুঘটক" হিচাপে কাম কৰিব বুলি ভাৰতে নিশ্চিত কৰিবলৈ চেষ্টা কৰিব ৷
জি-২০ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ মুৰব্বীসকলৰ আগন্তুক বৈঠকত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী অজয় শেঠ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপ গৱৰ্ণৰ ড০ মাইকেল ডি পাত্ৰৰ সহ-সভাপতিত্বৰ তত্বাৱধানত অনুষ্ঠিত হ'ব। দুদিনীয়া বৈঠকত জি-২০ সদস্য দেশসমূহৰ পৰা আৰু ভাৰতৰ দ্বাৰা আমন্ত্ৰিত আন কেইবাখনো দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা তেওঁলোকৰ সমকক্ষ পদবীধাৰীসকলে অংশগ্ৰহণ কৰিব।
জি-20 ফাইনেন্স ট্ৰেকে বিশ্ব অৰ্থনীতিৰ বাবে প্ৰাসংগিকতাৰ মুখ্য বিষয়বোৰ আলোচনা কৰিব যাৰ ভিতৰত আছে বিশ্বব্যাপী অৰ্থনৈতিক দৃষ্টিভংগী, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য, আন্তঃগাঁথনি বিকাশ আৰু বিত্তীয়, বহনক্ষম বিত্ত, গোলকীয় স্বাস্থ্য, আন্তঃৰাষ্ট্ৰীয় কৰ আৰু বিত্তীয় খণ্ডৰ বিষয়সমূহ, লগতে আছে বিত্তীয় অন্তৰ্ভুক্তি।
বেংগালুৰুৰ বৈঠকত ভাৰতীয় জি-20 অধ্যক্ষতাৰ অধীনত ফাইনেন্স ট্ৰেকৰ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ইয়াৰ ভিতৰত আছে একবিংশ শতিকাৰ অংশীদাৰী গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহক পুনৰ নিৰ্ধাৰণ কৰা, ভৱিষ্যতৰ চহৰসমূহক বিত্তীয় যোগান ধৰা, বিশ্বব্যাপী ঋণৰ দুৰ্বলতা নিয়ন্ত্ৰণ কৰা, বিত্তীয় অন্তৰ্ভুক্তি আৰু উৎপাদনশীলতাৰ সুবিধা আগবঢ়োৱা, জলবায়ু কাৰ্যৰ বাবে বিত্তীয় যোগান আৰু এছডিজি, সমৰ্থিত ক্ৰিপ্টো সম্পদৰ বাবে এক বিশ্বব্যাপী সমন্বিত দৃষ্টিভংগী আৰু আন্তৰ্জাতিক কৰ কাৰ্যসূচী আগবঢ়োৱা।
বৈঠকৰ সময়ত 'একবিংশ শতিকাৰ অংশীদাৰী গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বহুপাক্ষিক উন্নয়ন বেংকসমূহক শক্তিশালী কৰা' সন্দৰ্ভত এক পেনেল আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। 'সেউজ বিত্তীয় ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ ভূমিকা' সন্দৰ্ভত আন এখন আলোচনাচক্ৰও অনুষ্ঠিত হ'ব।
ভাৰতীয় জি-২০ অধ্যক্ষতাৰ 'ৱান আৰ্থ ৱান ফেমিলী, ৱান ফিউচাৰ'ৰ বিষয়বস্তুয়ে জি ২০ ফাইনেন্স ট্ৰেক আলোচনাত নিৰ্দেশনা প্ৰদান কৰিব। ভাৰতৰ কেইবাটাও স্থানত ফাইনেন্স ট্ৰেকৰ প্ৰায় ৪০খন বৈঠক অনুষ্ঠিত হ'ব, যাৰ ভিতৰত আছে জি-২০ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ বৈঠক। জি-২০ ফাইনেন্স ট্ৰেকত হোৱা আলোচনাবোৰ শেষত জি-২০ নেতাৰ ঘোষণাপত্ৰত প্ৰতিফলিত হ'ব।
একাধিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতে জি-২০ অধ্যক্ষতা গ্ৰহণ কৰিছে ৷ সেই প্ৰত্যাহ্বানসমূহ ঘাইকৈ ক’ভিড-১৯ মহামাৰী, তীব্ৰ ভূ-ৰাজনৈতিক উত্তেজনা, বৰ্ধিত খাদ্য আৰু শক্তি সুৰক্ষাৰ উদ্বেগ, বৰ্ধিত ঋণৰ দুৰ্দশা, মুদ্ৰাস্ফীতিৰ চাপ, আৰু মুদ্ৰাৰ কঠোৰ স্থিতি ইত্যাদি। জি-২০ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হ'ল এনে ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত নিৰ্দেশনা প্ৰদান কৰা।
ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত প্ৰয়োজন অনুভূত হোৱা দেশবোৰক সমৰ্থন কৰা আৰু উন্নয়নশীল দেশসমূহৰ উদ্বেগ তথা আকাংক্ষা প্ৰতিফলিত কৰাটো জি-২০ৰ অগ্ৰাধিকাৰৰ শীৰ্ষত থাকিব। বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে আজিৰ বিশ্বব্যাপী অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে এক উন্নত ভৱিষ্যতৰ বাবে প্ৰস্তুতি ৰখাৰ লক্ষ্যৰে জি-২০ ফাইনেন্স ট্ৰেক কাৰ্যসূচীক এক সামগ্ৰিক ভাৱে পৰিচালনা কৰিব।
******
RM/PPG/KMN/MANN
(Release ID: 1882470)