প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে বিএছএফৰ প্ৰতিষ্ঠা দিৱসত বিএছএফ কৰ্মীক অভিনন্দন জনায়

Posted On: 01 DEC 2022 9:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিএছএফ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰক্ষা কৰাত আৰু অত্যন্ত পৰিশ্ৰমেৰে দেশৰ সেৱা কৰাত, বিএছএফ বাহিনীৰ উৎকৃষ্ট ট্ৰেক ৰেকৰ্ডৰ কথাও উল্লেখ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"সকলো @BSF_India কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন। এইটো এনে এটা বাহিনী, যাৰ ভাৰতৰ ৰক্ষা কৰাত আৰু অত্যন্ত পৰিশ্ৰমেৰে আমাৰ দেশৰ সেৱা কৰাত এক উৎকৃষ্ট ট্ৰেক ৰেকৰ্ড আছে। মই প্ৰাকৃতিক দুৰ্যোগৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত বিএছএফৰ দ্বাৰা কৰা সৎ কাৰ্যসমূহৰ শলাগ লৈছো।"

***

DS/ST



(Release ID: 1880237) Visitor Counter : 80