প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰৰ বৈশালীত সংঘটিত দুৰ্ঘটনাত মানুহৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা

प्रविष्टि तिथि: 20 NOV 2022 11:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ বৈশালীত সংঘটিত এক দুৰ্ঘটনাত মানুহৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা মৃতকৰ নিকট আত্মীয়ক ২ লাখ আৰু আহতসকলক ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰি কয়;

"বিহাৰৰ বৈশালীত সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক। প্ৰত্যেকজন মৃতকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়োৱা হ’ব”।

***

DS/ST/MS


(रिलीज़ आईडी: 1879380) आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam