প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পিএছএলভি চি৫৪’ অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ‘ইছৰো’ আৰু ‘এনএছআইএল’-লৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 26 NOV 2022 6:07PM by PIB Guwahati

‘পিএছএভি চি৫৪’ অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ‘ইছৰো’ আৰু ‘এএছআইএল’-লৈ অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উত্ক্ষেপন অভিযানৰে জড়িত অন্য সকলো প্ৰতিষ্ঠানকো অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।

এই সন্দৰ্ভত প্ৰধাশ কৰা এলানি ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

“পিএছএভি চি৫৪’ অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ‘ইছৰো’ আৰু ‘এএছআইএল’-লৈ অভিনন্দন জ্ঞাপন কৰিছো। এই ‘ইঅ’এছ-০৬’ শীৰ্ষক কৃত্ৰিম উপগ্ৰহটোৱে আমাৰ সামু্দ্ৰিক উত্সসমূহৰ সদ্ব্যৱহাৰৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব”।

“ভাৰতীয় প্ৰতিষ্ঠান @‘পিক্সেলস্পেচ’ আৰু @‘ধ্ৰুৱস্পেচ’-ৰ তিনিটাক কৃত্ৰিম উপগ্ৰহৰ উত্ক্ষেপনে এটা নতুন যুগৰ সূচনা কৰিলে, য’ত মহাকাশ-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাক সম্পূৰ্ণৰূপে অনুভৱ কৰিব পাৰি। এই উত্ক্ষেপনৰে জড়িত সকলোবোৰ প্ৰতিষ্ঠান তথা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জনাইছো”।     

***

DS/SH/KB



(Release ID: 1879204) Visitor Counter : 81