প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-এছৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰো আৰু ইন-স্পেচক অভিনন্দন জনায়
Posted On:
18 NOV 2022 5:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-ছাবঅৰ্বিটেলৰ সফল প্ৰক্ষেপণৰ বাবে ভাৰতীয় অন্তৰিক্ষ গৱষণা সংস্থা (ইছৰো) আৰু ইন-স্পেচক অভিনন্দন জনাইছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ, স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ৰকেট বিক্ৰম-এছে আজি শ্ৰীহৰিকোটাৰ পৰা উড়ন সম্পন্ন কৰে! এয়া ভাৰতৰ বেচৰকাৰী অন্তৰিক্ষ উদ্যোগৰ যাত্ৰাত এটা মহত্বপূৰ্ণ মাইলৰ খুঁটা। এই প্ৰাপ্তি আহৰণ কৰা বাবে @isro আৰু @INSPACeINDক অভিনন্দন।
"এই প্ৰাপ্তিয়ে আমাৰ যুৱক-যুৱতীৰ অপাৰ প্ৰতিভাৰ প্ৰমাণ দিয়ে, যিসকলে জুন ২০২০ৰ ঐতিহাসিক অন্তৰিক্ষ ক্ষেত্ৰৰ সংশোধনৰ সম্পূৰ্ণ সুবিধা আদায় কৰিলে।"
***
DS/SH
(Release ID: 1877462)
Visitor Counter : 148
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam