প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বালিত জি-২০ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
15 NOV 2022 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালিত অনুষ্ঠিত জি-২০ নেতা সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীমান জোকো উইডোডোক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ বুলি নিশ্চিত কৰে আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে মুখ্য অৰ্থনীতিসমূহক একত্ৰিত কৰাৰ সামৰ্থ্য প্ৰদৰ্শন অব্যাহত ৰখাৰ বাবে জি-২০ৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জি-২০য়ে আমাৰ অৰ্থনীতি আৰু ইয়াৰ বাহিৰত বহনক্ষম আৰু সামগ্ৰিক বিকাশ পুনৰুদ্ধাৰ, চলিত জলবায়ু, শক্তি আৰু খাদ্য সংকটৰ মোকাবিলা কৰা, বিশ্বব্যাপী স্বাস্থ্য স্থাপত্য শক্তিশালী কৰা আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ প্ৰচাৰ কৰাৰ বাবে একেলগে কাম কৰি আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰত ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত আন উন্নয়নশীল দেশৰ কণ্ঠস্বৰ হ’ব। তেওঁ দুৰ্বল দেশসমূহক সহায় কৰা, সৰ্বাংগীন বৃদ্ধি, অৰ্থনৈতিক সুৰক্ষা আৰু বিশ্ব যোগান শৃংখল শক্তিশালী কৰাত সহায় কৰা, বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠান, জলবায়ু পৰিৱৰ্তন, মহামাৰী, অৰ্থনৈতিক ভংগুৰতা, দৰিদ্ৰতা হ্ৰাস আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্তীয় সাহায্যৰ উন্নত আৰু উদ্ভাৱনীমূলক আৰ্হি প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাত জি-২০ৰ কাম-কাজত সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে ৰাষ্ট্ৰপতি উইডোডো আৰু ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰে।
***
DS/AK/MS
(रिलीज़ आईडी: 1876803)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam