প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বালিত জি-২০ সন্মিলনত সমান্তৰালভাৱে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
16 NOV 2022 1:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বালিত আজি জি-২০ সন্মিলনত সমান্তৰালভাৱে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত লী ছিয়েন লুঙৰ সৈতে বৈঠক মিলিত হয়৷ এই উপলক্ষে তেওঁ যোৱা বছত ৰোমত জি-২০ সন্মিলনৰ সমান্তৰালভাৱে লীৰ সৈতে অনুষ্ঠিত বৈঠকৰ কথা স্মৰণ কৰে৷
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী কৌশলগত অংশীদাৰিত্ব আৰু ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ ঘূৰণীয়া মেজমেলৰ উদ্বোধনী অধিবেশনকে ধৰি নিয়মীয়া উচ্চ পৰ্যায়ৰ মন্ত্ৰী আৰু প্ৰতিষ্ঠানিক পাৰস্পৰিক ক্ৰিয়া-কলাপৰ বিষয়ে উল্লেখ কৰে৷
দুয়োখন দেশৰ মাজত বিশেষকৈ ফিনটেক, নবীকৰণযোগ্য শক্তি, দক্ষতা বিকাশ, স্বাস্থ্য আৰু ঔষধ খণ্ডত বাণিজ্য আৰু বিনিয়োগৰ সংযোগ অধিক সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰক সেউজ অৰ্থনীতি, আন্তঃগাঁথনি আৰু ডিজিটেলাইজেশ্যনকে ধৰি বিভিন্ন খণ্ডত বিনিয়োগ কৰিবলৈ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন, সম্পত্তি মুদ্ৰাকৰণ পৰিকল্পনা আৰু গতি শক্তি পৰিকল্পনাৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনায়।
দুয়োগৰাকী নেতাই শেহতীয়া বিশ্ব আৰু আঞ্চলিক পৰিঘটনাসমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ এক্ট ইষ্ট পলিচিত ছিংগাপুৰৰ ভূমিকা আৰু ২০২১-২০২৪ চনৰ পৰা আছিয়ান-ভাৰত সম্পৰ্কৰ দেশীয় সমন্বয়ক হিচাপে লোৱা ভূমিকাক শলাগ লয়। দুয়োগৰাকী নেতাই ভাৰত-আছিয়ান বহুমুখী সহযোগিতাক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰাৰ ইচ্ছা পুনৰ দোঁহাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লীক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অহা বছৰ জি-২০ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।
***
DS/AK/DB
(रिलीज़ आईडी: 1876677)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam